
ছাইৰাং (মিজোৰাম), ১৪ ডিচেম্বৰ (হি.স.)। প্ৰথমবাৰৰ বাবে ১১৯খন মাৰুতি গাড়ী পোনপটীয়াকৈ ৰে’লযোগে আহি মিজোৰামৰ ছাইৰাং ৰে’ল ষ্টেচনত উপস্থিত হয়। গুৱাহাটীৰ চাংসাৰিৰ পৰা অহা এই ঐতিহাসিক চালানে আইজলত যান-বাহনৰ উপলব্ধতা বৃদ্ধি কৰিব, দীৰ্ঘ দূৰত্বৰ পথ পৰিবহণৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব আৰু ৰাজ্যৰ অটোমোবাইল খণ্ড, ডিলাৰ, সেৱা প্ৰদানকাৰী, গ্ৰাহকক উপকৃত কৰিব। এই পদক্ষেপ মিজোৰামৰ আন্তঃগাঁথনি আৰু অৰ্থনৈতিক উন্নয়নত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ’ব।
বৈৰবি–ছাইৰাং ৰে’লপথ মিজোৰামৰ বাবে আন্তঃগাঁথনিৰ এক বৃহৎ সফলতা। ৫১.৩৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই লাইনে প্ৰত্যাহ্বানমূলক ভৌগোলিক পৰিস্থিতি অতিক্ৰম কৰে আৰু ইয়াত ৪৫টা সুৰংগ আছে। এই ৰে’লপথটোৱে অঞ্চলটোক দেশৰ বাকী অংশৰ সৈতে কৌশলগতভাৱে সংযোগ কৰাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
১৩ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিছিল এই লাইনটো । এই উপলক্ষে আইজল (ছাইৰাং)–দিল্লী (আনন্দ বিহাৰ টাৰ্মিনেল) ৰাজধানী এক্সপ্ৰেছ, আইজল (ছাইৰাং)–গুৱাহাটী মিজোৰাম এক্সপ্ৰেছ, আৰু মিজোৰামক ভাৰতৰ ৰাষ্ট্ৰীয় ৰেল নেটৱৰ্কৰ সৈতে সম্পূৰ্ণৰূপে সংযোগ কৰা আইজল (ছাইৰাং)–কলকাতা এক্সপ্ৰেছৰ ফ্লেগ অফ কৰে।
নতুন ৰে’ল সেৱাই যাত্ৰীসকলৰ উৎসাহী সঁহাৰি লাভ কৰিছে। তিনিওখন ৰে’লতে অধিক আসনৰ যাত্ৰী দেখা গৈছে—ছাইৰাং–আনন্দ বিহাৰ টাৰ্মিনেল ৰাজধানী এক্সপ্ৰেছৰ বাবে ১৪৭%, ছাইৰাং–গুৱাহাটী মিজোৰাম এক্সপ্ৰেছৰ বাবে ১১৫%, আৰু ছাইৰাং–কলকাতা এক্সপ্ৰেছৰ বাবে ১৩৯%। যাত্ৰীসকলে এই ৰে’লসমূহক সুবিধাজনক, সুলভ আৰু সময় ৰাহি কৰা বুলি অভিহিত কৰিছে।
বৈৰাবী–ছাইৰাং লাইনত মালবাহী যাতায়ত উদ্বোধনৰ লগে লগে আৰম্ভ হয়। প্ৰথমবাৰৰ বাবে ১৪ ছেপ্টেম্বৰত অসমৰ পৰা আইজললৈ ২১খন চিমেণ্ট ৱেগন পৰিবহণ কৰা হয়। তেতিয়াৰ পৰাই এই পথত চিমেণ্ট, নিৰ্মাণ সামগ্ৰী, অটোম’বাইল, বালি, শিল কঢ়িয়াই অনা ৱেগন পৰিবহণ কৰা হৈছে।
১৯ ছেপ্টেম্বৰত ছাইৰাঙৰ পৰা প্ৰথমটো পাৰ্চেল চালান প্ৰেৰণ কৰা হৈছিল, তেতিয়া ৰে’ল পাৰ্চেল ভ্যান যোগে আনন্দ বিহাৰ টাৰ্মিনেললৈ এন্থুৰিয়াম ফুল কঢ়িয়াই অনা হৈছিল। ১৭ ছেপ্টেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈ মুঠ ১৭খন ৱেগন চম্ভালিছিল। এই সকলোবোৰ উন্নয়নে ইংগিত দিয়ে যে এই লাইনটো এটা নিৰ্ভৰযোগ্য লজিষ্টিক কৰিডৰত পৰিণত হৈছে, যাৰ ফলত পৰিবহণ ব্যয় হ্ৰাস পাইছে আৰু মিজোৰামৰ অৰ্থনৈতিক আৰু আন্তঃগাঁথনি উন্নয়নত সহায় কৰিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ