
দৰং, ১৪ ডিচেম্বৰ (হি.স.)। মঙলদৈৰ গধীয়াপাৰাৰ বেগা পথাৰত মৃতদেহ উদ্ধাৰ। পথাৰৰ মাজত পৰি থকা অৱস্থাত উদ্ধাৰ মৃতেহটো।
মৃতদেহটো পথাৰত গৰু এৰাল দিব যোৱা লোকে প্ৰথমে প্ৰত্যক্ষ কৰি লগে লগে আৰক্ষীক খৱৰ দিয়ে । আৰক্ষীৰ লোকে ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
মৃত ব্যক্তি জন মঙ্গলদৈ চেনিবাগিচাৰ ৰামু মুৰাৰি বুলি চিনাক্ত কৰা হৈছে। ইফালে লোকজনৰ মৃত্যু কিদৰে হল তথা এয়া কোনো হত্যাকাণ্ডৰ ঘটনা নেকি এই সকলো কথা চালি জাৰি চায় আৰক্ষীয়ে তদন্ত আগবঢ়ায় নিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা