

কোকৰাঝাৰ, ১৪ ডিচেম্বৰ (হি.স.)। গোসাইগাঁওস্থিত মাৰৱাৰী বিবাহ ভৱনত দেওবাৰে উত্তৰ-পূব প্ৰান্তীয় মাৰৱাৰী সন্মিলনৰ তৃতীয় প্ৰান্তীয় কাৰ্যনিৰ্বাহক সভা বৰ্নাঢ্যভাৱে অনুষ্ঠিত হয়। এই সভাখনৰ আয়োজন গোসাইগাঁও শাখা মাৰৱাৰী সন্মিলনৰ আতিথ্যত কৰা হয়, য’ত সমাজৰ উন্নয়ন, সামাজিক ঐক্য আৰু সাংস্কৃতিক সমন্বয় আগবঢ়াই নিয়াৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।
কাৰ্যসূচীৰ আৰম্ভণি দীপ প্ৰজ্বলনৰ জৰিয়তে কৰা হয়। ইয়াৰ পিছতে জনপ্ৰিয় শিল্পী তথা হৃদয়স্পৰ্শী গায়ক স্বৰ্গীয় জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত দীপ প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। অনুষ্ঠিত সভাত সমাজৰ জ্যেষ্ঠ পুৰুষ আৰু মহিলাসকলক সম্বৰ্ধনা জনোৱা হয়। এই উপলক্ষে বড়ো আৰু অসমীয়া লোকনৃত্য পৰিবেশন কৰি সাংস্কৃতিক বৈচিত্ৰ্য আৰু সৌহাৰ্দ্যৰ বাৰ্তা প্ৰদান কৰা হয়।
সভাৰ অন্তত সাংবাদিকসকলৰ সৈতে কথা পাতি সন্মিলনৰ কেন্দ্ৰীয় সভাপতি কাইলাশ কাৱৰাৱে কয় যে প্ৰায় ২০০–৩০০ বছৰৰ পূৰ্বে অসমলৈ আহা মাৰৱাৰী সমাজৰ লোকসকলে নিজকে অসমীয়া বুলি ভাবি আহিছে আৰু ভৱিষ্যততো অসমীয়া হিচাপেই থাকিব। তেওঁ কয় যে অসমপ্ৰতি প্ৰেম আৰু নিৰন্তৰ সেৱাৰ পিছতো বাহিৰা বুলি কোৱা অভিযোগ সমাজখনৰ বাবে বেদনাদায়ক। কাৱৰাৱে শিক্ষা প্ৰতিষ্ঠান স্থাপন, ৰক্তদান, নেত্ৰদানকে ধৰি বিভিন্ন সামাজিক কাৰ্যত মাৰৱাৰী সমাজৰ অৱদানো উল্লেখ কৰে।
স্বাগত সমিতিৰ সদস্য ৰিকেশ আগৰৱালে সাংবাদিকসকলৰ সৈতে কথা পাতি কয় যে মাৰৱাৰী সমাজ সদায় শান্তি, শৃংখলা আৰু আইন-শৃঙ্খলাৰ পথত চলি আহিছে। সমাজখনৰ লক্ষ্য কেৱল সামাজিক হিত আৰু উন্নয়ন। তেওঁ কয় যে মাৰৱাৰী সমাজ য’তেই থাকে, সেই স্থানৰ ভাষা, সংস্কৃতি আৰু পৰিচয় গ্ৰহণ কৰি আগবাঢ়ি যায়।
এই সন্মিলনত অসমৰ বিভিন্ন জিলাৰ পৰা অহা মাৰৱাৰী সমাজৰ বিভিন্ন পদাধিকাৰী আৰু সদস্যসকলৰ সক্ৰিয় উপস্থিতিয়ে সভাখন সফল আৰু অৰ্থপূৰ্ণ কৰি তোলে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ