ওদালগুৰি বৰংগাবাৰীত ভাগৱত মন্দিৰৰ ৫০ সংখ্যক ধৰ্মালোচনী সভাৰ লাইখুটা স্থাপন
ওদালগুৰি, ১৪ ডিচেম্বৰ (হি.স.)। অহা জানুৱাৰী মাহৰ ২৩, ২৪, আৰু ২৫ তাৰিখত ওদালগুৰি জিলাৰ বৰংগাবাৰী ভাগৱত মন্দিৰৰ প্ৰাংগণত উদযাপন হব সোণালী জয়ন্তী বৰ্ষৰ ধৰ্মালোচনী সভা। য''ত অধ্যত্মিক কাৰ্যসূচীৰ পৰা সাংস্কৃতিক অনুষ্ঠানলৈ থাকিব এই উদযাপনত। মুকলি সভাত ব
ওদালগুৰি বৰংগাবাৰীত ভাগৱত মন্দিৰৰ ৫০ সংখ্যক ধৰ্মালোচনী সভাৰ লাইখুটা স্থাপন


ওদালগুৰি, ১৪ ডিচেম্বৰ (হি.স.)। অহা জানুৱাৰী মাহৰ ২৩, ২৪, আৰু ২৫ তাৰিখত ওদালগুৰি জিলাৰ বৰংগাবাৰী ভাগৱত মন্দিৰৰ প্ৰাংগণত উদযাপন হব সোণালী জয়ন্তী বৰ্ষৰ ধৰ্মালোচনী সভা।

য'ত অধ্যত্মিক কাৰ্যসূচীৰ পৰা সাংস্কৃতিক অনুষ্ঠানলৈ থাকিব এই উদযাপনত। মুকলি সভাত বহুতো স্বনামধন্য ব্যক্তিৰ লগতে নিৰ্দিষ্ট বক্তা হিচাপে থাকিব যুৱ সাংবাদিকা এঞ্জেলা চাংমাই। উদযাপন সফল ৰূপায়ণৰ বাবে আৰম্ভ কৰিছে প্ৰস্তুতি , আৰু তাৰে প্ৰথম খোজ হিচাপে আজি সম্পূৰ্ণ মাংগলিক ৰীতি নীতিৰে স্থাপনৰ কৰিলে উদযাপনৰ লাইখুটা।আনহাতে অহাঁ‌ ২৩ জানুৱাৰীৰ পৰা আৰম্ভ হব লগা ধৰ্মালোচনী সভাৰ কৰ্যসূচী সফল ৰূপায়ণৰ বাবে অঞ্চলবাসীৰ সহায় সহযোগীতাৰ লগতে উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande