
কাজিৰঙা, ১৪ ডিচেম্বৰ (হি.স.)। আৰম্ভ হল বনভোজৰ বতৰ ৷ পুৰণিক বিদায় দি নতুন বছৰক আদৰিবলৈ সাজু এতিয়া সকলো ৷ বনভোজ দলৰ উপস্থিতিত প্ৰাণ পাই উঠিছে কাজিৰঙাৰ হাতীপাথৰ বনভোজস্থলীয়ে ৷
পুৰণিক বিদায় দি নতুন বছৰক আদৰিবলৈ নৃত্য গীতৰ মাজেৰে পৰিয়াল,বন্ধু বান্ধবীৰ সৈতে এসাঁজ খাবলৈ আহিছে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰে ভৰপুৰ হাতীপাথৰ বনভোজস্থলীত । বনভোজ দলৰ উপস্থিতিত প্ৰাণ পাই উঠিছে নিস্তব্ধ হৈ থকা বনভোজস্থলীসমুহে ৷নতুন বৰ্ষত সকলোৰে জীৱন হাহিৰে ভৰি পৰাৰ কামনা কৰিছে প্ৰতিটো বনভোজকাৰী দলে ৷ডিচেম্বৰ মাহৰ আৰম্ভণিৰে পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বনভোজ দলৰ সমাগমে উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি কৰিছে কাজিৰঙাৰ কাৰ্বি আংলং সীমান্তৱৰ্তী হাতী পাথৰ বনভোজস্থলীত৷ মনৰ অৱসাদ আঁতৰাই সতেজতা আনিবলৈ সকলোৱে নাচিবাগি হৈ পৰিছে মতলীয়া ৷ কাৰ্বিপাহাৰৰ নামনিৰ মনোমোহা পৰিবেশৰ মাজত লগেভাগে এসাজ খাই উৎসাহ উদ্দীপনা বোৰ প্ৰাণৱন্ত কৰাৰ প্ৰয়াস সকলোৰে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা