কাজিৰঙাত গাড়ীৰ লাইট জ্বলাই মন্ত্ৰী অতুল বৰাৰ বিদ্যালয়ৰ পৰীক্ষাগাৰৰ আধাৰশিলা স্থাপন
কাজিৰঙাত গাড়ীৰ লাইট জ্বলাই মন্ত্ৰী অতুল বৰাই কৰিলে বিদ্যালয়ৰ পৰীক্ষাগাৰৰ আধাৰশিলা।
কাজিৰঙাত গাড়ীৰ লাইট জ্বলাই মন্ত্ৰী অতুল বৰাৰ বিদ্যালয়ৰ পৰীক্ষাগাৰৰ আধাৰশিলা স্থাপন


গোলাঘাট, ১৪ ডিচেম্বৰ (হি.স.): কাজিৰঙাত যোৱা কালি শনিবাৰে সন্ধিয়া গাড়ীৰ লাইট জ্বলাই মন্ত্ৰী অতুল বৰাই কৰিলে বিদ্যালয়ৰ পৰীক্ষাগাৰৰ আধাৰশিলা। কাজিৰঙাৰ বচাগাঁৱৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত তিনি বজাত কৰিবলগীয়া আধাৰশিলা হল চাৰে পাচ বজাত। মন্ত্ৰী অতুল বৰাৰ অনুষ্ঠানৰ বাবে সন্ধিয়া পৰ্যন্ত ঠাণ্ডাৰ মাজতো ৰবলগীয়া হয় বিদ্যালয়ৰ ছাত্ৰীসকল।

আনহাতে সন্ধিয়া হোৱাৰ বাবে পোহৰৰ অভাৱত বিদ্যালয়ৰ শিক্ষকৰ গাড়ীৰ লাইট জ্বলাই আধাৰশিলাৰ কাৰ্যসূচী কৰিবলগীয়া হয়।উল্লেখ্যে যে আজি বোকাখাত সমষ্টিত একাধাৰে দহখনকৈ বিদ্যালয়ত বিজ্ঞান আৰু অংকৰ যুটীয়া পৰীক্ষাগাৰৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী অতুল বৰাই। মুঠ ১৮ লাখ ৯৭ হাজাৰ টকা ব্যয়েৰে নিৰ্মাণ কৰা হ’ব এই পৰীক্ষাগাৰসমূহ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande