
তিনিচুকীয়া, ১৪ ডিচেম্বৰ (হি.স.)। তিনিচুকীয়াৰ জাগুন ৯ মাইল বিষ্ণুপুৰত আজি এদিনীয়া কাৰ্যসূচীৰে কিৰাট ৰাই জনগোষ্ঠীয় লোকসকলে অতি উলহ মালোহৰে চকেলা উৎসৱ উদযাপন কৰে। আজি উদযাপন কৰা এই উৎসৱক উধৌলি উৎসৱ বুলিও জনা যায় বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে। যিহেতু চাকেলা উৎসৱ বছৰত দুবাৰকৈ উদযাপন কৰা হয়।
এটা হৈছে উধৌলি আৰু আনটো হৈছে উভৌলি। বিশেষকৈ উধৌলি উৎসৱত কিৰাট ৰাই জনগোষ্ঠীয় লোকসকলে মুন্দুম তথা প্ৰাৰ্থনা শক্তিৰে ভূ-গৰ্ভৰ পৰা খান্দি উলিওৱা শিলেৰে থাপনা সাজি তাত দেও দেৱতা তথা প্রকিতিক পূজা-পাঠৰ মাজেৰে আৰাধনা কৰে। আদিম যুগৰে পৰা পৰম্পৰাগত ভাৱে প্ৰচলিত এই উৎসৱ বিশেষকৈ নিজৰ জাতিৰ ধৰ্ম, ভাষা, নিয়ম-নীতি যাতে সদায়ে অক্ষুন্ন থাকে তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতি বছৰে ইয়াক কিৰাট ৰাই জনগোষ্ঠীয় লোকৰ ৰীতি নীতিৰ মাজেৰে উদযাপন কৰা হয় বুলি উদযাপন সমিতিৰ বিষয়ববীয়াই জানিবলৈ দিয়ে।
পূজা-পাঠৰ উপৰিও এই উৎসৱত কিৰাট ৰাই লোকসকলে চাকেলা চিলি নৃত্যও পৰিবেশন কৰে। লগতে তেওঁলোকে জনাই যে এই কিৰাট ৰাই লোক সকলে আদিম যুগৰে পৰা এই উৎসৱক জনজাতীয় পৰম্পৰাৰে মানি আহিছে আৰু অদূৰ ভবিষ্যতেও ইয়াক অক্ষুন্ন ৰাখিব বুলি জনায়। আজিৰ দিনজোৰা কাৰ্যসূচীৰ মাজতে আয়োজক সমিতিয়ে আমাৰ সকলোৰে হিয়াৰ আমঠু শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গলৈও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ