
শিৱসাগৰ, ১৪ ডিচেম্বৰ (হি.স.)। নাজিৰাৰ পদূম পুখুৰীত দিনক দিনে বৃদ্ধি পাইছে সমাজবিৰোধী কাৰ্যকলাপ । নাজিৰা সমজিলা নাজিৰা আদৰ্শ আৰক্ষী থানা আৰু নাজিৰা ৰাজহ চক্ৰ অধীনৰ মেকিপুৰ পদূম পুখুৰীত অবৈধ কুকুৰা যুঁজৰ সুবিধা লৈ প্ৰত্যেক দেওবাৰে জুৱাৰ আড্ডাত নামি পৰিছে ডেকাৰ পৰা বুঢ়ালৈ । লগতে পৰিবেশ বিনষ্টৰ ফল ভূগিছে অভিভাৱক সকলে, জুৱাত মগ্ন স্কুলীয়া ছাত্ৰ । দূৰ-দূৰনিৰ পৰা অহা একাংশ জুৱাৰীৰ সমাগম ঘটিছে মেকিপুৰত । জুৱাৰীৰ মোনা ভৰি পৰিছে সহজলভ্য ধনেৰে ।
নাজিৰাত আইন শৃংখলাৰ ব্যাপক অৱনতি । যি সময়ত নাজিৰা সমজিলা আৰক্ষী অধীক্ষক তুষাৰ দেশাইৰ সবল নেতৃত্বত সদৰত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে । থিক তেনে ক্ষণত নৱ নিযুক্ত নাজিৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে এই অবৈধ কুকুৰা যুঁজ আৰু জুৱাৰ বিৰুদ্ধে কেনে ধৰণৰ পদক্ষেপ হাতত ল'ব, তাক লৈ অসম চাহ জনজাতি ছাত্ৰ সন্থা, (আটছা) চকীমুখ উপ শাখাৰ সভাপতি বিতুল ৰাজোৱাৰে উদ্বিগ্ন প্ৰকাশ কৰিছে । লগতে প্ৰতি বছৰে আয়োজন কৰা এনে ধৰণৰ অবৈধ কুকুৰা যুঁজ আৰু জুৱাখেল আৰক্ষী সম্পূৰ্ণৰূপে বন্ধ কৰাৰ দাবী জনাইছে সংগঠনটোৱে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ