
নতুন দিল্লী, ১৪ ডিচেম্বৰ (হি.স.)। অষ্ট্ৰেলিয়াৰ অলৰাউণ্ডাৰ কেমেৰন গ্ৰীনে দেওবাৰে স্পষ্ট কৰি দিয়ে যে তেওঁ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৬ত বলিং কৰিবলৈ উপলব্ধ হ’ব। আই পি এল নিলামত বেটছমেন হিচাপে তালিকাভুক্ত হোৱাৰ কাৰণ তেওঁৰ মেনেজাৰৰ ভুল বুলি কয়।
গ্ৰীনে আই পি এল ২০২৬ৰ মিনি অকচনত বিশেষ বেটছমেন হিচাপে পঞ্জীয়ন কৰিছে যদিও তেওঁ ফাষ্ট বলিং অল ৰাউণ্ডাৰ। ১৬ ডিচেম্বৰত সংযুক্ত আৰব আমিৰশ্বাহীৰ আবুধাবিত অনুষ্ঠিত হ’ব এই মিনি নিলাম।
মই বলিং কৰিবলৈ সাজু। মোৰ মেনেজাৰে এইটো ভাল পাব নেকি নাজানো, কিন্তু তেওঁৰ ফালৰ পৰা ই অলপ ভুল আছিল। তেওঁ 'বেটছমেন' বুলি ক'ব বিচৰা নাছিল। মই ভাবো যে তেওঁ ভুলতে ভুল বাকচত টিক মাৰিলে সেয়া যথেষ্ট ধেমেলীয়া, কিন্তু আচলতে ইয়াৰ দোষ আছিল তেওঁৰ।’- দেওবাৰে পুৱা এডিলেইডত অষ্ট্ৰেলিয়াৰ প্ৰশিক্ষণৰ পূৰ্বে গ্ৰীনে এইদৰে কয়।
ওখ উচ্চতাৰ ২৬ বছৰীয়া অল ৰাউণ্ডাৰগৰাকীয়ে ২০২৩ চনত মুম্বাই ইণ্ডিয়ানছ আৰু ২০২৪ চনত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুক প্ৰতিনিধিত্ব কৰিছিল। গ্ৰীণৰ ভিত্তি মূল্য ২ কোটি ₹।
পিঠিৰ অস্ত্ৰোপচাৰৰ পৰা সুস্থ হোৱাৰ বাবে ২০২৫ চনৰ ছিজনত খেলিব নোৱাৰিলে গ্ৰীনে। জুন মাহত বেটছমেন হিচাপে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ ঘূৰি আহিছিল। অৱশ্যে তাৰ পিছত তেওঁক বলিং কৰিবলৈ ক্লিয়াৰ কৰা হৈছে আৰু বৰ্তমান অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজত চলি থকা এছেছ শৃংখলাত বলিং কৰি আছে।
हिन्दुस्थान समाचार / অৰৱিন্দ