
নতুন দিল্লী, ১৪ ডিচেম্বৰ (হি.স.)। দিল্লীকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত দেওবাৰে ঘন কুঁৱলীই আৱৰি ধৰে। আগন্তুক দিনত ঠাণ্ডা আৰু ঘন কুঁৱলী বৃদ্ধিৰ সতৰ্কবাণী দিছে বতৰ বিজ্ঞান বিভাগে।
বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ১৫-১৬ ডিচেম্বৰতো তেলেংগানা আৰু কৰ্ণাটকৰ কিছুমান অঞ্চলত শীত লহৰৰ পৰিস্থিতি অটুট থকাৰ সম্ভাৱনা আছে। ১৫-১৬ ডিচেম্বৰত উত্তৰ প্ৰদেশত, ১৫-১৯ ডিচেম্বৰত উত্তৰ-পূব ভাৰতত, ১৫-১৭ ডিচেম্বৰত হিমাচল প্ৰদেশত, ১৫-১৬ ডিচেম্বৰৰ পুৱা পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড়, আৰু উত্তৰ-পূব মধ্যপ্ৰদেশত ঘন কুঁৱলীৰ সম্ভাৱনা আছে।
বতৰ বিজ্ঞানৰ বিষয়াসকলে ১৪-১৫ ডিচেম্বৰত জম্মু-কাশ্মীৰ আৰু লাডাখত লঘু বৰষুণ আৰু তুষাৰপাতৰ সতৰ্কবাণী দিছে। ১৭ ডিচেম্বৰৰ নিশা আন এক দুৰ্বল অশান্তিৰ আগমনৰ বাবে ১৮-১৯ ডিচেম্বৰতো লঘু বৰষুণ আৰু বৰফ পৰাৰ সতৰ্কবাণী জাৰি কৰা হৈছে।
হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত ১৪-১৮ ডিচেম্বৰত ঘণ্টাত ৩০-৪০ কিলোমিটাৰ বেগেৰে প্ৰচণ্ড ঠাণ্ডা বতাহ আৰু ধুমুহাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। আগন্তুক কেইদিনমানৰ ভিতৰত দিল্লী-এনচিআৰত বৃদ্ধি পাব ঠাণ্ডা আৰু ৰাতিপুৱাৰ কুঁৱলী। উত্তৰ ভাৰতত ১৪-১৭ ডিচেম্বৰলৈ ঘন কুঁৱলীৰ সম্ভাৱনা আছে, দক্ষিণত শীত লহৰ অব্যাহত থাকিব।
আজি পুৱা উত্তৰ প্ৰদেশৰ কিছু অংশ অত্যন্ত ঘন কুঁৱলীই আৱৰি ধৰে, যাৰ ফলত দৃশ্যমানতা ৫০ মিটাৰতকৈও কমলৈ হ্ৰাস পায়। পশ্চিম উত্তৰ প্ৰদেশৰ আগ্ৰা আৰু পূব উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ চহৰত সৰ্বনিম্ন দৃশ্যমানতা ০০ মিটাৰ।
বিগত ২৪ ঘণ্টাত দেশৰ ভিতৰতে শীতল স্থানসমূহ হ’ল ভৈয়ামৰ ৰাজগড় (পশ্চিম মধ্যপ্ৰদেশ) আৰু অম্বিকাপুৰ (ছত্তীশগড়) য’ত সৰ্বনিম্ন তাপমাত্ৰা ৫.৬ ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰা হৈছে।
যোৱা ২৪ ঘন্টাত জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাৱ, হাৰিয়ানা, দিল্লী, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ছত্তীশগড়, তেলেংগানা, আদি ৰাজ্যত ৫ ডিগ্ৰী চেলছিয়াছৰ পৰা ১০ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত নূন্যতম উষ্ণতা ৰেকৰ্ড কৰা হৈছে। অহা সাত দিনত ভাৰতৰ আন আন ৰাজ্যসমূহত নূন্যতম উষ্ণতাৰ কোনো বিশেষ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা নাই। বতৰ বিজ্ঞান বিভাগে মাছমৰীয়াসকলক ১৪-১৭ ডিচেম্বৰৰ ভিতৰত মান্নাৰ উপসাগৰ আৰু ইয়াৰ কাষৰীয়া ক’ম’ৰিন অঞ্চলত প্ৰৱেশ নকৰিবলৈ পৰামৰ্শ দিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ