নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ স্থলীৰ সোঁফালত থকা পাহাৰত ভয়ংকৰ অগ্নিকাণ্ড
NHPCৰ ২০০০ মেগাৱাট সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ স্থলীৰ সোঁফালত থকা পাহাৰত ভয়ংকৰ অগ্নিকাণ্ড।
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ স্থলীৰ সোঁফালত থকা পাহাৰত ভয়ংকৰ অগ্নিকাণ্ড


যোৰহাট, ১৪ ডিচেম্বৰ (হি.স.): এনএইচপিচিৰ ২০০০ মেগাৱাট সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ স্থলীৰ সোঁফালত থকা পাহাৰত যোৱা কালি শনিবাৰে বিয়লি ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডত গছ জ্বলি যোৱাৰ সমান্তৰালকৈ জ্বলিল প্ৰকল্প স্থলীৰ সা-সামগ্ৰী। ইফালে এই ঘটনাত আহত হয় কেইবাগৰাকী ওৱেল্ডাৰ-কৰ্মচাৰী।

এনএইচপিচিৰ কৰ্তৃপক্ষৰ প্ৰত্যক্ষ উপস্থিতিত তিনি মাহৰ আগতে টাৰ্বাইন ঘুৰাই আনন্দত মতলীয়া হৈছিল। কিন্তু কালি বিয়লি ভাগত গেৰুকামুখৰ পাহাৰত হঠাৎ জ্বলি উঠা জুইত নিমিষতে ধ্বংস হ'ল হাজাৰ হাজাৰ গছ-গছনি। জীৱ কুলৰ সতেজ পৰিবেশ। অসমৰ সমগ্ৰ দল সংগঠনৰ তীব্ৰ প্ৰতিবাদ সংগ্ৰামক নেওচি এনএইচপিচিয়ে সোৱণশিৰিত স্থাপন কৰা প্ৰকল্পটোত সংঘটিত হৈ অহা অঘটনৰ ধাৰাবাহিক বাতৰি সময়ে সময়ে প্ৰকাশ পাই আহিছে। অৱশ্য়ে সম্প্ৰতি পৰিস্থিতি নিয়ন্ত্ৰাণাধীন বুলি কোৱা হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande