
শোণিতপুৰ, ১৪ ডিচেম্বৰ (হি.স.)। ভাৰতীয় খাদ্য নিগমৰ গুডামত বৰবিহ ড্ৰাগছৰ অবাধ প্ৰচলন৷ খাদ্য নিগমৰ গুডামত শ্ৰমিক হিচাপে কাম কৰা একাংশ শ্ৰমিকে ড্ৰাগছ গ্ৰহণ কৰাৰ লগতে বেহাও চলাই গুডামৰ ভিতৰত৷ নগাও জিলাৰ জুৰিয়াৰ পৰা স্থানীয় শ্ৰমিক নিয়োগ নকৰি এই সকল শ্ৰমিকক ভাৰতীয় খাদ্য নিগমৰ গুডামত কাম কৰিবৰ বাবে আমদানি কৰি আনিছে ৷
জুৰিয়াৰ পৰা শ্ৰমিক কঢ়িয়াই অনা এএছ০২ বিচি ৪৬০৮ আৰু এ এছ ০২ বি চি ৪৭৮০ নম্বৰৰ মেক্সিমো চুপ্ৰো গাড়ী দুখনৰ এ এছ ০২ ৪৬০৮ নম্বৰৰ গাড়ীখনত অহা শ্ৰমিক সকলে কঢ়িয়াই আনিছিল দ্ৰাগছ৷ গাড়ীখন পড়োৱা চাৰিআলিত আৰক্ষীয়ে ৰখিবলৈ দিয়ে যদিও গাড়ীখনে পলায়ন কৰে৷ পিছত আৰক্ষী গাড়ীখন খেদি খেদি ধৰে৷ গাড়ীখনে পলায়ন কৰাৰ কালতেই মজুত ৰখা দ্ৰাগছ সমুহ কোনো স্থানত পেলাই দিয়ে যদিও আৰক্ষীয়ে দ্ৰাগছৰ খালী কন্টেইনাৰ, ব্যৱহাৰ কৰা চিলভাৰ পেপাৰ গাড়ীখনৰ পৰা জব্দ কৰে৷ আনখন গাড়ী পলাই যাবলৈ সক্ষম হয়৷ চাদ্দাম নামৰ গাড়ীখনৰ চালক আৰু শ্ৰমিক সকলৰ মুল নায়ক আহমদৰ নেতৃত্বতে ভাৰতীয় খাদ্য নিগমত চলি আছে দ্ৰাগছৰ বেহা৷ দ্ৰাগছ সেৱন কৰাৰ পিছতেই শ্ৰমিক সকলে কম সময়ত বহু কাম আগুৱাই দিব পাৰে৷ যিটো স্থানীয় শ্ৰমিকে নোৱাৰে৷ আনহাতে গাড়ীচৰলক চাদ্দামক গাড়ী ৰখাবলৈ নিৰ্দেশ দিয়া আৰক্ষীক খুন্দিওৱাৰ চেস্টা কৰি পলায়ন কৰিছিল৷ ইতিমধ্যে মহাভৈৰৱ আৰক্ষীয়ে মুঠ ৮ জনক আটক কৰাৰ লগতে গাড়ীখনো জব্দ কৰিছে৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা