
ৰণবীৰ সিঙৰ ছবি ‘ধুৰন্ধৰ’ বক্স অফিচত নতুন অভিলেখ গঢ়িবলৈ চমক অব্যাহত ৰাখিছে। দ্বিতীয় শনিবাৰে ছবিখনে ইমানেই বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰে যে বিকি কৌশলৰ ‘চাৱা’ৰ দ্বিতীয় শনিবাৰৰ সংখ্যাক অতিক্ৰম কৰাই নহয়, অল্লু অৰ্জুনৰ ব্লকবাষ্টাৰ ছবি ‘পুষ্পা ২’ৰ অভিলেখো ভংগ কৰে। ছবিখনে হয়তো ডাঙৰ ডাঙৰ ওপেনিং হোৱা নাছিল যদিও ইয়াৰ উপাৰ্জন যি গতিৰে বৃদ্ধি পাইছে, সেইটোৱে স্পষ্টকৈ বুজাইছে যে ‘বছৰৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে চাভাৰ এক নম্বৰ স্থান এতিয়া দোমোজাত পৰিছে।
আদিত্য ধৰৰ পৰিচালনাত নিৰ্মিত ‘ধুৰন্ধৰ’ৰ আৰম্ভণিৰ উইকেণ্ড আছিল ₹২০৭.২৫ কোটি। অষ্টম দিনা ছবিখনে ৩২.৫ কোটি টকা উপাৰ্জন কৰে, যিটো ‘চাৱাৰ’ অষ্টম দিনত ২৩.৫ কোটি ₹ উপাৰ্জন কৰাতকৈ যথেষ্ট বেছি। নৱম দিন অৰ্থাৎ দ্বিতীয় শনিবাৰে ছবিখনে ঐতিহাসিক ৫৩ কোটি টকা উপাৰ্জন কৰি ভাৰতত মুঠ সংগ্ৰহ ২৯২.৭৫ কোটি টকালৈ বৃদ্ধি কৰে। ইয়াৰ ফলত ছবিখন ঘৰুৱা বক্স অফিচত ৩০০ কোটি ₹ৰ ক্লাবৰ অতি ওচৰ চাপিছে, আনহাতে ইয়াৰ বিশ্বব্যাপী সংগ্ৰহ দ্ৰুতগতিত ৪০০ কোটি ₹ৰ দিশে আগবাঢ়িছে।
ৰণবীৰ সিং, অক্ষয় খান্না, সঞ্জয় দত্ত, অৰ্জুন ৰামপাল আৰু চাৰা আলী খানে অভিনয় কৰা এই ছবিখনৰ বাজেট প্ৰায় ২৮০ কোটি ₹ বুলি জানিব পৰা গৈছে। ধুৰন্ধৰ এতিয়া পৰিচালক আদিত্য ধৰৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হৈছে, তেওঁৰ ছুপাৰহিট উৰি: দ্য চাৰ্জিকেল ষ্ট্ৰাইক ₹২৪৪.১৪ কোটিৰ জীৱনজোৰা সংগ্ৰহক অতিক্ৰম কৰিছে। ধুৰন্ধৰ ২ নামৰ ছিকুৱেল এখনো ঘোষণা কৰা হৈছে।
কিছ কিছকো প্যাৰ কৰু ২ৰ বক্স অফিচ ৰিপৰ্ট
ইফালে কপিল শৰ্মাৰ কিছ কিছকো প্যাৰ কৰু ২ যোৱা ১২ ডিচেম্বৰত মুক্তি লাভ কৰে। দৰ্শকৰ মিশ্ৰিত সমালোচনাৰ মাজতে ছবিখনে প্ৰথম দিনাই ১.৮৫ কোটি আৰু দ্বিতীয় দিনা ২.৫০ কোটি টকা উপাৰ্জন কৰে। এতিয়ালৈকে ছবিখনে ঘৰুৱা বক্স অফিচত ৪.৩৫ কোটি টকা উপাৰ্জন কৰিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ