
কোকৰাঝাৰ, ১৪ ডিচেম্বৰ (হি.স.)। তামাৰহাটৰ কামানডাঙ্গাত দীবা-নৈশ ভলীবল প্ৰতিযোগিতা । প্ৰতিবছৰৰ দৰে কামানডাঙ্গাস্থিত কামানডাঙ্গা নবনুৰ ক্লাৱৰ উদ্যোগত আয়োজন কৰা হয় এই ব্যয়বহুল প্ৰতিযোগিতা খন । ছয় দলীয় প্ৰতিযোগিতা খনত অসমৰ লগতে হাৰিয়ানা, তেলেংগানা উত্তৰ প্ৰদেশ আদি কৰি কেইবা খনো বহিঃৰাজ্যৰ খেলুৱৈ অংশগ্ৰহণ কৰে ।
সমাজত প্ৰচলিত ড্ৰাগছ, মদ, জুৱা, মোবাইল ফোন আদিৰ পৰা যুৱ সমাজক পৰিত্ৰাণ কৰি খেলৰ প্ৰতি আগ্ৰহ কৰাৰ উদ্দেশ্যে আয়োজন কৰা খেলখনৰ চূড়ান্ত খেলত প্ৰতিদ্বন্দিতা কৰে বৰোইবাৰী বাইপাছ ধুবুৰী আৰু পোৰামাণিক ষ্টাইকাৰ কামানডাঙ্গাৰ মাজত অনুষ্ঠিত হয় যদিও বৰোইবাৰী বাইপাছ দলে জয়লাভ কৰে । প্ৰতিযোগিতা খনৰ প্ৰথম পুৰুস্কাৰ হিচাপে প্ৰদান কৰা হয় ৭৫ হেজাৰ টকা আৰু ট্ৰফী, দ্বিতীয় পুৰুস্কাৰ হিচাপে প্ৰদান কৰা হয় ৪৫ হেজাৰ টকা আৰু ট্ৰফী । কেইবা সহস্ৰাধিক ক্ৰীড়া প্ৰেমী ৰাইজে প্ৰতিযোগিতা খন উপভোগ কৰে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা