বঙাইগাঁওত জিলা উপায়ুক্ত বনাম আৰক্ষী অধীক্ষকৰ ক্ৰিকেট মেচ
বঙাইগাঁও, ১৪ ডিচেম্বৰ (হি.স.)। বঙাইগাঁও জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগৰ মাজত অনুষ্ঠিত হোৱা জিলা উপায়ুক্ত বনাম আৰক্ষী অধীক্ষকৰ প্ৰীতি ক্ৰিকেট মেচত খেল পথাৰত আজি এক অনন্য সৌহাৰ্দ্যৰ পৰিৱেশ সৃষ্টি হয়। জিলা আয়ুক্তৰ বলত দৰ্শনীয় ছিক্স মাৰি সকলোক চমক দি
বঙাইগাঁওত জিলা উপায়ুক্ত বনাম আৰক্ষী অধীক্ষকৰ ক্ৰিকেট মেচ


বঙাইগাঁও, ১৪ ডিচেম্বৰ (হি.স.)। বঙাইগাঁও জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগৰ মাজত অনুষ্ঠিত হোৱা জিলা উপায়ুক্ত বনাম আৰক্ষী অধীক্ষকৰ প্ৰীতি ক্ৰিকেট মেচত খেল পথাৰত আজি এক অনন্য সৌহাৰ্দ্যৰ পৰিৱেশ সৃষ্টি হয়। জিলা আয়ুক্তৰ বলত দৰ্শনীয় ছিক্স মাৰি সকলোক চমক দিলে আৰক্ষী অধীক্ষক মোহনলাল মীনাই। এই মেচত ব্যতিক্ৰমী ৰূপত দেখা গ’ল বঙাইগাঁও জিলাৰ আয়ুক্ত নৱদ্বীপ পাঠকক।

তেওঁ কেৱল খেলুৱৈ হিচাপেই নহয়, খেলখন সাফল্যমণ্ডিত কৰিবলৈ সকলোকে সংগ দিয়ে আগবাঢ়ে। ক্ৰিকেট খেলত সাংবাদিক সকলেও অংশগ্ৰহণ কৰি মেচ খনক আৰু অধিক ৰঙীন কৰি তোলে। এই প্ৰীতি মেচে প্ৰমাণ কৰিলে যে কাম-কাজৰ ব্যস্ততাৰ মাজতো প্ৰশাসন, আৰক্ষী আৰু সাংবাদিকৰ মাজত সৌহাৰ্দ্য আৰু সমন্বয় অটুট আছে। খেলৰ জৰিয়তে বঙাইগাঁৱত গঢ় লৈ উঠা এই ঐক্যৰ ছৱি ৰাইজে ব্যাপকভাৱে আদৰণি জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande