খুমটাইৰ চিএম কাপ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল
ডিব্ৰুগড়, ১৪ ডিচেম্বৰ (হি.স.)। মুখ্যমন্ত্ৰীৰ চাহ জনজাতি আৰু আদিবাসী ফুটবল কাপ খুমটাই সমষ্টি ভিত্তিত প্ৰতিযোগিতাৰ সফল সামৰণী পৰে । উল্লেখযোগ্য যে চাহ জনজাতি আৰু আদিবাসী সমাজৰ প্ৰতিভাৱান যুৱক সকলক ক্ৰীড়া ক্ষেত্ৰত আগবঢ়াই নিয়াৰ বাবে ১৭ বছৰ অনুৰ্ধ্ব
খুমটাইৰ চিএম কাপ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল


ডিব্ৰুগড়, ১৪ ডিচেম্বৰ (হি.স.)। মুখ্যমন্ত্ৰীৰ চাহ জনজাতি আৰু আদিবাসী ফুটবল কাপ খুমটাই সমষ্টি ভিত্তিত প্ৰতিযোগিতাৰ সফল সামৰণী পৰে । উল্লেখযোগ্য যে চাহ জনজাতি আৰু আদিবাসী সমাজৰ প্ৰতিভাৱান যুৱক সকলক ক্ৰীড়া ক্ষেত্ৰত আগবঢ়াই নিয়াৰ বাবে ১৭ বছৰ অনুৰ্ধ্ব পৰ্যায়ত অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰাণলয়ৰ অধীনত এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰি আহিছে ।

যোৱা ৭ ডিচেম্বৰৰ পৰা খুমটাইৰ নৰাগাঁও ষ্টেডিয়ামত বিধায়ক মৃণাল শইকীয়াৰ তত্বাৱধানত অনুষ্ঠিত খুমটাই বিধানসভা সমষ্টি ভিত্তিক প্ৰতিযোগিতাখনৰ আজি চূড়ান্ত খেলখনত মুখামুখি হৈছিল লেটেকুজান বাগিচা ফুটবল ক্লাৱ আৰু সেন্দুৰিটিং বাগিচা ফুটবল একাদশ । উত্তেজনাপূৰ্ণ খেলখনত সেন্দুৰিটিং বাগিচা ফুটবল একাদশে লেটেকুজান ফুটবল ক্লাবক ২-১ গ'লৰ ব্যৱধানত পৰাস্ত কৰি চেম্পিয়ন হয় । এই প্ৰতিযোগিতাত খুমটাই সমষ্টিৰ প্ৰায় ৩৪ টা দলে অংশগ্ৰহণ কৰিছিল ।এই প্ৰতিযোগিতাৰ জৰিয়তে বাগিচা অঞ্চলৰ ক্ৰীড়া প্ৰতিভাৰ বাবে প্ৰচুৰ সম্ভাবনাৰ দ্বাৰ মুকলি কৰিছে বুলি বিধায়ক মৃণাল শইকীয়াই মন্তব্য কৰাৰ লগতে মুখ্যমন্ত্ৰী গৰাকীৰ এই পদক্ষেপক শলাগ লয় ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande