আৰম্ভ হল ৭ দিনীয়া টীয়ক প্ৰেছ ক্লাবৰ দ্বিতীয় টীয়ক গ্ৰন্থ মেলা
যোৰহাট, ১৪ ডিচেম্বৰ (হি.স.)। আৰম্ভ হল ৭ দিনীয়া টীয়ক প্ৰেছ ক্লাবৰ দ্বিতীয় টীয়ক গ্ৰন্থ মেলা l অসম সাহিত্য সভাৰ সভাপতি, বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মোমীন সহ বহু বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণ। টীয়ক প্ৰেছ ক্লাবৰ উদ্যোগত ৭ দিনীয়াকৈ অনুষ্ঠিত হোৱা
আৰম্ভ হল ৭ দিনীয়া   টীয়ক প্ৰেছ ক্লাবৰ দ্বিতীয় টীয়ক গ্ৰন্থ মেলা l  অসম সাহিত্য সভাৰ সভাপতি, বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মুমীন সহ বহু বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণ।


যোৰহাট, ১৪ ডিচেম্বৰ (হি.স.)। আৰম্ভ হল ৭ দিনীয়া টীয়ক প্ৰেছ ক্লাবৰ দ্বিতীয় টীয়ক গ্ৰন্থ মেলা l অসম সাহিত্য সভাৰ সভাপতি, বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মোমীন সহ বহু বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণ।

টীয়ক প্ৰেছ ক্লাবৰ উদ্যোগত ৭ দিনীয়াকৈ অনুষ্ঠিত হোৱা দ্বিতীয় টীয়ক গ্ৰন্থ মেলা ঐতিহাসিক টীয়ক হাইস্কুল খেলপথাৰত জ্ঞানপীঠ বঁটা বিজয়ী ড: বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সোঁৱৰণী ক্ষেত্ৰত আজি এক আড়ম্বৰ পূৰ্ণ পৰিবেশত শুভাৰম্ভ হয় । এই বাৰৰ গ্ৰন্থ মেলা জুবিন গাৰ্গ শ্ৰদ্ধাৰ্ঘ হিচাপে উৎসৰ্গিত কৰাৰ উপৰিও অসম চৰকাৰে ঘোষণা কৰা গ্ৰন্থবৰ্ষ বিশেষ হিচাপে আয়োজন কৰা হৈছে।

ৰাজ্যৰ কেইবাটাও আগশাৰীৰ পুথি প্ৰকাশন আৰু বিক্ৰেতা সংস্থাই অংশগ্ৰহণ কৰা এই গ্ৰন্থ মেলা আজি পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ কাৰ্যসূচী সমাপনৰ পাছত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠান শুভাৰম্ভ কৰে শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল গোস্বামীয়ে । ইয়াৰ পাছতে গ্ৰন্থ বিপনী দ্বাৰ উন্মোচন কৰে প্ৰথম টীয়ক গ্ৰন্থ মেলাৰ সভাপতি তথা কাকজান মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ড:অকন চন্দ্ৰ শইকীয়াই ।

গ্ৰন্থ মেলা আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে। দ্বিতীয় টীয়ক গ্ৰন্থ মেলাৰ সভাপতি হিমেন ভট্টাচাৰ্যৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম বিধানসভাৰ উপাধ্যক্ষ ডা:নোমল মমীন, চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিজয় কৃষ্ণ পাচনি, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ মহাপ্ৰৱন্ধক গৌতম দেৱ নাথ বিশেষ ভাৱে উপস্থিত থাকে। এই অনুষ্ঠানতে দ্বিতীয় টীয়ক গ্ৰন্থ মেলাৰ স্মাৰক গ্ৰন্থ উন্মোচন কৰে জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জ্যোতিপ্ৰসাদ শইকীয়াই। সন্ধিয়া জুবিন গাৰ্গ শ্ৰদ্ধাৰ্ঘ সাংস্কৃতিক অনুষ্ঠানেৰে প্ৰথম দিনাৰ কাৰ্যসূচীৰ সামৰণি পৰে ।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande