পশ্চিম গোৱালপাৰাৰ কল্যাণপুৰ-ৰাইজে আটক কৰিলে ইটা ভৰ্তি দুখন অ'ভাৰলোড বাহন
পশ্চিম গোৱালপাৰাৰ কল্যাণপুৰ-ৰাইজে আটক কৰিলে ইটা ভৰ্তি দুখন অ'ভাৰলোড বাহন।
পশ্চিম গোৱালপাৰাৰ কল্যাণপুৰ-ৰাইজে আটক কৰিলে ইটা ভৰ্তি দুখন অ'ভাৰলোড বাহন


গোৱালপাৰা, ১৪ ডিচেম্বৰ (হি.স.): পশ্চিম গোৱালপাৰাৰ কল্যাণপুৰ-শাকতোলা-চুনাৰী সংযোগী গাঁৱলীয়া পথত অবৈধ অভাৰলোড ইটা ভৰ্তি ট্ৰাক চলাচলত বিধ্বস্ত হৈ পৰিছে পথ। যোৱা কালি নিশা ৰাইজে আটক কৰিলে ইটা ভৰ্তি দুখন অ'ভাৰলোড বাহন।

উল্লেখ্য় যে ৯ টন বহন ক্ষমতা থকা ৰাস্তাত দৈনিক দিনে নিশাই অবৈধ ভাৱে ১০-১১ হেজাৰ ইটা ভৰ্তি ৪৫-৫০ টনকৈ ইটা ভৰ্তি বাহন পাৰ হোৱাৰ অভিযোগ উত্থাপিত হৈছে। ফলস্বৰূপে বহু স্থানত পুখুৰী সদৃশ গাঁত সৃষ্টি হৈছে যাৰ ফলত যান-বাহন চলাচলত দূৰ্ঘটনাৰ আশংকা কৰা হৈছ আৰু সাধাৰণ জনতাৰ কষ্ট বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ক্ষোভৰ সৃষ্টি হৈছে। এই অবৈধ ইটা ভৰ্তি ট্ৰাক চলাচল বন্ধ কেতিয়া হ'ব বুলি জনতাই প্ৰশ্ন উত্থাপন কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande