বিলাসীপাৰা চহৰত এটি পথৰ গাৰ্ডৱাল নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ
বিলাসীপাৰা চহৰত এটি পথৰ গাৰ্ডৱাল নিৰ্মাণত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি।
বিলাসীপাৰা চহৰত এটি পথৰ গাৰ্ডৱাল নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ


ধুবুৰী, ১৪ ডিচেম্বৰ (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰা চহৰত এটি পথৰ গাৰ্ডৱাল নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। চহৰখনৰ ৬ নং ৱাৰ্ডস্থিত সাতবেৰত এটি ১১ লাখ টকীয়া পথৰৰ গাৰ্ডৱাল নিৰ্মাণত সংঘটিত হৈছে ভয়ংকৰ দুৰ্নীতি। বিলাসীপাৰা গড়কাপ্তানী পথৰ ঠিকাদাৰ বিভাগীয় অভিযন্তাই অতি নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰি লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে।

ঠিকাদাৰ জহিৰুল ইচলাম আৰু বিভাগীয় অভিযন্তা বিশ্বজিৎ সৰকাৰৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ।আঁচনিটো প্ৰাককলন মতে কাম নকৰি ঠিকাদাৰ আৰু বিভাগীয় অভিযন্তাই নিজৰ খেয়াল খুছি মতে পচিবলৈ লোৱা পাথৰ ব্যৱহাৰ কৰি গাৰ্ড ৱাল নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন হৈছে।স্থানীয় ৰাইজে কাম বন্ধ কৰি ঠিকাদাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।

অতি শীঘ্ৰে পচিবলৈ ধৰা পাথৰৰ বিপৰীতে ভাল পাথৰৰে গাৰ্ডৱাল নিৰ্মাণত কৰিবলৈ দাবী জনায়।এই ক্ষেত্ৰত দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া আৰু ঠিকাদাৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই তদন্ত ক্ৰমে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande