
ইম্ফল, ১৪ ডিচেম্বৰ (হি.স.)। বিগত ২৪ ঘন্টাত নিৰাপত্তা বাহিনী আৰু মণিপুৰ আৰক্ষীয়ে মণিপুৰৰ বিভিন্ন জিলাত ব্যাপক অভিযান চলাই অস্ত্ৰ-শস্ত্ৰৰ ভঁৰাল জব্দ কৰাৰ লগতে কেইবাটাও উগ্ৰপন্থী সংগঠনৰ সক্ৰিয় কেডাৰক গ্ৰেপ্তাৰ কৰাৰ লগতে এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে।
দেওবাৰে আৰক্ষীৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, কাকচিং জিলাৰ সুগনু থানা এলেকাৰ অন্তৰ্গত মলটিনচান গাঁও এলেকাত তালাচী অভিযানৰ সময়ত নিৰাপত্তা বাহিনীয়ে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছে মেগজিন নথকা এছ এল আৰ, খালী মেগজিন থকা স্থানীয়ভাৱে নিৰ্মিত বল্ট-একচন স্নাইপাৰ ৰাইফল, ডি বি বি এল, এছ বি বি এল, খালী মেগজিন থকা স্থানীয়ভাৱে নিৰ্মিত পিষ্টল, ডিটনেটৰ নথকা ৩৬ এইচ ই হেণ্ড গ্ৰেনেড, ৭.৬২ এল এম জি মেগজিন খালী, তিনিটা লঞ্চিং টিউব, ১৫টা এছ এল আৰ বুলেট, পাঁচটা ষ্টন শ্বেল আৰু এটা ৫১মিমি এইচই বোমা।
মণিপুৰ আৰক্ষীয়ে বিষ্ণুপুৰ জিলাৰ কুম্বি থানাৰ অধীনস্থ ৬ নং কুম্বি মায়াই লেইকাই ৱাৰ্ডত থকা নিষিদ্ধ সংগঠন প্ৰীপাক (প্ৰো)ৰ সক্ৰিয় কেডাৰ থাংজাম প্ৰিঅবৰ্তা সিং ওৰফে যোক্খাটপা (৩৫)ক গ্ৰেপ্তাৰ কৰে।
ইম্ফল পশ্চিম জিলাৰ সিংজামেই থানাৰ অধীনস্থ কাঞ্চিপুৰ অঞ্চলৰ পৰাও দুজন সক্ৰিয় প্ৰেপাক (প্ৰো) ধনদাবী কৰোতাক আটক কৰে নিৰাপত্তা বাহিনীয়ে। আটকাধীন অভিযুক্ত ক্ষত্ৰিয়ম্যুম অবিনাশ সিং (২১) নামৰ কাকচিং জিলাৰ কাকচিং থংলান পাৰেঙৰ নিবাসী আৰু ৰাজকুমাৰ ডেনিয়েল সিং (৩১) ওৰফে লয়টাবা ওৰফে জেছি ওৰফে নাওটন, ইম্ফল পশ্চিম জিলাৰ কোৱাকেইথেল থোকচোম লেইকাইৰ বাসিন্দা। তেওঁলোকৰ পৰা এটা ৯ এম এম পিষ্টল, মেগজিনত ভৰ্তি ১২ গুলী, দুটা .৩৮ কেলিবাৰ কাৰ্টিজ, তিনিটা মোবাইল ফোন আৰু এখন দুচকীয়া বাহন জব্দ কৰা হৈছে।
ইম্ফল পূৱ জিলাৰ পোৰোমপাট থানা এলেকাৰ অন্তৰ্গত মইৰাংকাম্পু সাজেব মাখা লেইকাই অঞ্চলৰ পৰাও ইউএনএলএফ (কয়ৰেং)ৰ দুগৰাকী সক্ৰিয় মহিলা কেডাৰক গ্ৰেপ্তাৰ কৰা হয়। ধৃত মহিলা কেইগৰাকী হৈছে টুমুখং আৱাং লেইকাইৰ বাসিন্দা তাখেলম্বাম সান্থোই চানু ওৰফে লয়িংকাপি (১৯) আৰু মইৰাংকাম্পু সাজেব মাখা লেইকাইৰ নিবাসী কংব্ৰাইলকপাম ৰামেশ্বৰী দেৱী ওৰফে লেংলেন ওৰফে বেম্মা ওৰফে বুচু (১৯)। তেওঁলোকৰ পৰা উদ্ধাৰ হৈছে দুটা মোবাইল ফোন।
আন এক অভিযানত নিৰাপত্তা বাহিনীয়ে ইম্ফল পশ্চিম জিলাৰ লেম্পেল থানা এলেকাৰ অন্তৰ্গত লেম্পেল ছুপাৰ মাৰ্কেটৰ পৰা ইউএনএলএফ (পি)ৰ সক্ৰিয় ধনদাবী কৰম মণিকান্ত সিং ওৰফে আমুবা ওৰফে এম কে খুমান (৪৬)ক গ্ৰেপ্তাৰ কৰে। তেওঁৰ পৰা দুটা মোবাইল ফোন, নগদ ১,০২০ টকা থকা এটা পাৰ্চ আৰু এখন পেন কাৰ্ড জব্দ কৰা হৈছে।
ইয়াৰ উপৰিও মণিপুৰ আৰক্ষীয়ে ইম্ফল পূৱ জিলাৰ পোৰমপাট থানা এলেকাৰ পোৰোমপাট পাংগল লেইৰাক অঞ্চলৰ পৰা বেছাইম্যুম য়াইবী (৪৭) নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। তেওঁৰ হেৰ’ইন ভৰ্তি ৭টা চাবোনৰ বাকচ উদ্ধাৰ কৰা হৈছে।
আৰক্ষীয়ে জনোৱা মতে, সকলো গোচৰতে অধিক তদন্ত চলি আছে আৰু ৰাজ্যত অবৈধ কাৰ্যকলাপৰ তীক্ষ্ণ নজৰ ৰখা হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ