
তিনিচুকীয়া, ১৪ ডিচেম্বৰ (হি.স.)। ব্যাপক উদ্ধাৰ অভিযানৰ অন্তত দেওবাৰে পুনৰ এঘাৰ গৰাকী শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰি তিনিচুকীয়ালৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে। অৰুণাচল প্ৰদেশৰ হাইলঙত মৰোণোত্তৰ পৰীক্ষা কৰি স্ব–গৃহ গেলাপুখুৰী বাগিচালৈ প্ৰেৰণ ১১ শ্ৰমিকৰ মৃতদেহ ৷ দেওবাৰে উদ্ধাৰ হোৱা আন তিনি গৰাকী শ্ৰমিকৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ অৰুণাচল প্ৰশাসনৰ৷ বৰ্তমানলৈ ২০ জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ ৷
ইপিনে দুৰ্ঘটনাত স্থলীত বৰ্তমানে আৰু এটা মৃতদেহৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে এনডিআৰএফ সেনা বাহিনীয়ে৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা