
কাছাৰ, ১৪ ডিচেম্বৰ (হি.স.)। শনিবাৰ নিশা কাছাৰৰ কালাইনচৰা টোলগেটত অৱস্থিত আৰক্ষী তালাচী চকীত এইছ আৰ ৫৫এ জে ১৮৫১ নম্বৰৰ এখন কণ্টেইনাৰৰ পৰা বৃহৎ পৰিমাণৰ বাৰ্মিজ চিগাৰেট উদ্ধাৰ কৰে গুমৰা আৰক্ষীয়ে। লগতে দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হয়। প্ৰেমপাল আৰু দানবীৰ নামৰ দুজন সৰবৰাহকাৰী উত্তৰ প্ৰদেশৰ বাসিন্দা।
জানিব পৰা অনুসৰি, কণ্টেইনাৰৰ ভিতৰত এটা গোপন চেম্বাৰ বনাই বাৰ্মিজ চিগাৰেট ভৰাই কাছাৰৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে মেঘালয়লৈ যোৱা থকা অৱস্থাত,কালাইনচৰা আৰক্ষী তালাচী চকী গেটৰ কৰ্তব্যৰত আৰক্ষীৰ নিয়মীয়া তালাচী অভিযানৰ সময়ত ২৯ কাৰ্টন বাৰ্মিজ চিগাৰেট উদ্ধাৰ কৰে আৰক্ষীয়ে। যাৰ বজাৰ মূল্য প্ৰায় ৩ লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে। চিগাৰেটৰ লগতে দু'জন সৰবৰাহকাৰী বৰ্তমান গুমৰা আৰক্ষীৰ জিম্মাত আছে বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ