

গুৱাহাটী, ১৩ডিচেম্বৰ (হি.স.)। সোণাপুৰৰ মে’ ফেয়াৰ ৰিজ’ৰ্টত আড়ম্বৰপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হ'ল এছিয়ান দেশ সমূহৰ মাজত পৰ্যটন বিষয়ক পেচাগত বিনিময় কাৰ্যসূচী। অংশগ্ৰহণ কৰিলে ইণ্ডোনেছিয়াৰ ডেপুটি মেয়ৰ হেৰী চুৱাণ্টো, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, অসম চৰকাৰৰ পৰ্যটন মন্ত্ৰী ৰণজিত কুমাৰ দাসকে ধৰি আন কেইবা গৰাকীও বিশিষ্ট ব্যক্তিয়ে।
দক্ষিণ পূব এছিয়াৰ প্ৰতিখন দেশৰ প্ৰতিনিধিয়ে ভাগ লোৱা এই অনুষ্ঠানত পৰ্যটন উদ্যোগৰ বিশ্বজুৰি বিস্তাৰৰ উদ্দেশ্যে বিভিন্ন পেচাগত কৌশল বিনিময়ৰ প্ৰয়াস কৰা হয় । ইয়াৰ ভিতৰত দক্ষিণ পূব এছিয়াৰ ১১ খন ৰাষ্ট্ৰৰ ৩৯ গৰাকী প্ৰতিনিধিৰ উপৰিও পৰ্যটন ক্ষেত্ৰৰ সৈতে জড়িত বিভিন্ন সংস্থাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।
কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আয়োজন কৰা হয় এক হস্ততাঁত আৰু বস্ত্ৰ শিল্প প্ৰদৰ্শনী। বিভিন্ন দেশৰ অভ্যাগত সকলে এই প্ৰদৰ্শনী প্ৰত্যক্ষ কৰি আপ্লুত হৈ পৰে।
হিন্দুস্থান সমাচাৰ / Narayan Kar