
–সাংস্কৃতিক শোভাযাত্ৰা সম্পন্ন
নলবাৰী, ১৩ ডিচেম্বৰ (হি.স.)। পশ্চিম নলবাৰীৰ বৰকৈহাটী শ্ৰীশ্ৰী হৰিদেৱ সত্ৰ স্থাপনৰ ৪০০ বছৰ হোৱা উপলক্ষে শুক্ৰবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সত্ৰৰ ৪০০ বছৰীয়া জয়ন্তী সমাৰোহ আৰম্ভ হয় ৷ এই উপলক্ষে শনিবাৰে দ্বিতীয় দিনৰ কাৰ্যসূচীত উলিওৱা হয় এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা ।
অসমৰ থলুৱা কৃষ্টি-সংস্কৃতি সমূহ প্ৰদৰ্শন কৰা উক্ত শোভাযাত্ৰা বৰকৈহাটী সত্ৰৰ পৰা আৰম্ভ কৰি কৈহাটী, শোলমাৰা আদি অঞ্চলৰ মূল পথেৰে পৰিভ্ৰমণ কৰি পুনৰ সত্ৰত সামৰণি পৰে । আবেলি নাগাৰা নাম প্ৰদৰ্শন নিশা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব । দেওবাৰে সামৰণিৰ দিনা দুপৰীয়া স্মৃতিগ্ৰন্থ উন্মোচন, সন্ধিয়া নাম-প্ৰসংগ, নাগাৰা নাম প্ৰদৰ্শন আৰু নিশা সাংস্কৃতিক অনুষ্ঠানেৰে কাৰ্যসূচীৰ সামৰণি পৰিব ।
উল্লেখ্য যে শুক্ৰবাৰে পুৱা মণিকূটত বন্তি প্ৰজ্বলন আৰু মগঙ্গলধ্বনিৰে ৪০০বছৰীয়া জয়ন্তী সমাৰোহৰ কাৰ্যসূচীৰ শুভাৰম্ভ হয় । ইয়াৰ পিছত মূখ্য ধ্বজা উত্তোলন, মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ গুৰুলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, দুপৰীয়া মহিলাৰ দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ নিশা স্থানীয় শিল্পী সকলে মঞ্চস্থ কৰে এখন পূৰ্ণাংগ নাট ৷
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা