টিংখাঙৰ দিৰৈত সামৰণি পৰিল ১৭ অনুৰ্দ্ধৰ মুখ্যমন্ত্ৰী চাহ জনজাতি আৰু আদিবাসী ফুটবল প্ৰতিযোগিতাৰ
ডিব্ৰুগড়, ১৩ ডিচেম্বৰ (হি.স.)। ক্ৰীড়ামুখৰ পৰিৱেশে বিৰাজ কৰিছে টিংখাঙৰ দিৰৈ চাহ বাগিচা খেলপথাৰত। অসম চৰকাৰৰ চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ বিভাগৰ উদ্যোগত চলি থকা ''মুখ্যমন্ত্ৰীৰ চাহ জনগোষ্ঠী আৰু আদিবাসী ফুটবল প্ৰতিযোগিতা''ৰ টিংখাং সমষ্টিৰ খেলসমূ
টিংখাঙৰ দিৰৈত সামৰণি পৰিল ১৭ অনুৰ্দ্ধৰ মুখ্যমন্ত্ৰী চাহ জনজাতি আৰু আদিবাসী ফুটবল প্ৰতিযোগিতাৰ


ডিব্ৰুগড়, ১৩ ডিচেম্বৰ (হি.স.)। ক্ৰীড়ামুখৰ পৰিৱেশে বিৰাজ কৰিছে টিংখাঙৰ দিৰৈ চাহ বাগিচা খেলপথাৰত। অসম চৰকাৰৰ চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ বিভাগৰ উদ্যোগত চলি থকা 'মুখ্যমন্ত্ৰীৰ চাহ জনগোষ্ঠী আৰু আদিবাসী ফুটবল প্ৰতিযোগিতা'ৰ টিংখাং সমষ্টিৰ খেলসমূহৰ আজি সফল সামৰণি পৰে। আজিৰ উত্তেজনাপূৰ্ণ ফাইনেল খেলখনত লংবৈ চাহ বাগিচা আৰু ঔফুলীয়া চাহ বাগিচাৰ দলে তীব্ৰ প্ৰতিদ্বন্দিতা আগবঢ়ায়। খেলত লংবৈ চাহ বাগিচাই ঔফুলীয়া চাহ বাগিচাৰ দলক ৩-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰে।

উল্লেখ্য যে, যোৱা ৮ ডিচেম্বৰৰ পৰা চলি থকা এই প্ৰতিযোগিতাত সমষ্টিটোৰ ২১ টা দলে অংশগ্ৰহণ কৰে । এইবাৰ এই টুৰ্নামেন্টত কেইবাটাও গুৰুত্বপূৰ্ণ সালসলনি কৰা হৈছে। সুপ্ত প্ৰতিভাৰ সন্ধানত খেলুৱৈৰ বয়স ১৯ বছৰৰ পৰা ১৭ বছৰলৈ হ্ৰাস কৰা হৈছে। লগতে, কেৱল বাগিচাৰ টীমে নহয়, বৰঞ্চ গ্ৰামাঞ্চল বা লাইন বস্তিৰ টীম নথকা প্ৰতিভাৱান খেলুৱৈকো এইবাৰ সুযোগ দিয়া হৈছে। তদুপৰি, এইবাৰ ৰাজ্যিক পৰ্যায়ত পুৰস্কাৰৰ ধনো তিনিগুণ বৃদ্ধি কৰা হৈছে। প্ৰথম পুৰস্কাৰ ৩ লাখ, দ্বিতীয় ২ লাখ আৰু তৃতীয় পুৰস্কাৰ ১ লাখ টকা নিৰ্ধাৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে ডিব্ৰুগড় জিলা ক্ৰীড়া বিষয়াই । উল্লেখ্য যে, সমষ্টি পৰ্যায়ৰ খেলৰ অন্তত অহা ১৮ ডিচেম্বৰৰ পৰা ২১ ডিচেম্বৰলৈ জিলা পৰ্যায়ৰ খেলসমূহ অনুষ্ঠিত হ’ব। খেলখনত অতিথি হিচাপে উপস্থিত থাকে ডিব্ৰুগড় জিলা ক্ৰীড়া বিষয়া (ডিএছঅ) চুমী শইকীয়া আৰু টিংখাং সমজিলাৰ সহকাৰী আয়ুক্ত আদি ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande