
নগাঁও, ১৩ ডিচেম্বৰ (হি.স.)। ৰূপহীহাটৰ কাঞ্চনপুৰত মৃতদেহ উদ্ধাৰ। পথাৰৰ মাজত অৰ্ধগলিত মৃতদেহ পানীত ওপঙি থকা প্ৰত্যক্ষ কৰে ৰাইজে।
উদ্ধাৰ হোৱা মৃতদেহটো আমৰাকান্ধা গাঁৱৰ মঞ্জুৰা বেগম বুলি জানিব পৰা গৈছে। মানসিক বিকাৰ গ্ৰস্ত মঞ্জুৰা বেগম সোমবাৰৰ পৰা নিৰুদেশ হৈ আছিল।
মানসিক বিকাৰ গ্ৰস্ত মঞ্জুৰা বেগমক একাংশ লোকে সোপাধৰা বুলি খেদি পঠিওৱাৰ অভিযোগ পিতৃৰ। ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা