
কাৰ্বি আংলং, ১৩ ডিচেম্বৰ (হি.স.)। বোকাজানত বুজন পৰিমাণৰ কানি সহ আটক সৰবৰাহকাৰী । অসম-নাগালেণ্ড সীমান্তৱৰ্তী বোকাজান মহকুমাৰ খটখটি আৰক্ষীৰ নাকা তালাচীত বুজন পৰিমাণৰ কানি জব্দ কৰা লগতে আটক দুটা সৰবৰাহকাৰী।
খটখটি আৰক্ষীৰ নিয়মীয়া নাকা তালাচীত মণিপুৰ দিশৰ পৰা গুৱাহাটী অভিমুখে আহি থকা পিবি ১০এইছ ই ৩০৪৯ নম্বৰৰ এখন ট্ৰাকত জব্দ কানি খিনি। ট্ৰাকখনৰ কুলেন টেংকীৰ ভিতৰত গোপন কক্ষ সাজি কলা পলিথিনৰে মেৰিয়াই অনা অৱস্থাত ১৪ টা পেকেটত জব্দ ১৪.২৩ কিঃগ্ৰাঃ কানি। জব্দকৃত কানি খিনিৰ বজাৰমূল্য প্ৰায় ৭০ লাখ টকা বুলি অনুমান কৰা হৈছে।
আৰক্ষীয়ে ঘটনা সংক্ৰান্তত কানিসহ পাঞ্জাৱৰ যতীন্দ্ৰ সিং আৰু মনদ্বীপ সিং নামৰ দুটা সৰবৰাহকাৰীক আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা