মেছিৰ অনুষ্ঠানত হোৱা বিশৃংখলতাৰ বাবে মুখ্যমন্ত্ৰীৰ ক্ষমা প্ৰাৰ্থনা, গঠন কৰে তদন্ত সমিতি
কলকাতা, ১৩ ডিচেম্বৰ (হি.স.)। পশ্চিম বংগৰ ৰাজধানী কলকাতাৰ যুৱভাৰতী ষ্টেডিয়ামত শনিবাৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ লিয়নেল মেছিৰ কাৰ্যসূচীৰ সময়ত ব্যাপক বিশৃংখলতাৰ সৃষ্টি হয়। নিৰ্ধাৰিত আৰম্ভণিৰ সময়ৰ পূৰ্বেই দৰ্শকে হুলুস্থুল কৰিবলৈ আৰম্ভ কৰে। গেলেৰী ভা
ममता


কলকাতা, ১৩ ডিচেম্বৰ (হি.স.)। পশ্চিম বংগৰ ৰাজধানী কলকাতাৰ যুৱভাৰতী ষ্টেডিয়ামত শনিবাৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ লিয়নেল মেছিৰ কাৰ্যসূচীৰ সময়ত ব্যাপক বিশৃংখলতাৰ সৃষ্টি হয়। নিৰ্ধাৰিত আৰম্ভণিৰ সময়ৰ পূৰ্বেই দৰ্শকে হুলুস্থুল কৰিবলৈ আৰম্ভ কৰে। গেলেৰী ভাঙি জুই লগাবলৈ চেষ্টা চলাইছিল। এই ঘটনাৰ পিছতে আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ মেছিয়ে নিৰাপত্তাহীনতাৰ বাবে এই অনুষ্ঠান পৰিত্যাগ কৰিবলৈ বাধ্য হয়, যাৰ ফলত নিৰাপত্তা ব্যৱস্থাক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন হয়।

যুৱভাৰতী ষ্টেডিয়ামত পুৱা ১১:৩০ বজাত উপস্থিত হয় মেছিৰ গাড়ী। তেওঁৰ সৈতে পূৰণি সতীৰ্থ লুইছ ছুৱেৰেজ আৰু ৰোড্ৰিগো ডি পলো আছিল। ইফালে সভাস্থলীত ফুটবল অনুৰাগীৰ বৃহৎ ভিৰ গোট খাইছিল যদিও মেছিয়ে গাড়ীৰ পৰা নামি অহাৰ লগে লগে তেওঁক ঘেৰাও কৰাৰ চেষ্টা কৰা হৈছিল। ফলস্বৰূপে গেলেৰীত থকা দৰ্শকে কেৱল মেছিয়েই নহয়, ছুৱেৰেজ আৰু ডি পলকো সঠিকভাৱে চাব পৰা নাছিল। এই সময়তে ভিৰৰ মাজৰ কিছুমানে আমি মেছি বিচাৰো বুলি ধ্বনি দিবলৈ ধৰিলে।

পৰিস্থিতি নিয়ন্ত্ৰণহীন হৈ পৰিল আৰু ক্ষুদ্ধ দৰ্শকে গেলেৰীৰ চকী ভাঙি খেলপথাৰত পেলাবলৈ ধৰিলে। কেইবাটাও তম্বুত জুই লগাবলৈ চেষ্টা কৰা হৈছিল। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছিল যদিও বৃহৎ জনসমাগম নিয়ন্ত্ৰণ কৰাতো কঠিন হৈ পৰে।

সূত্ৰ অনুসৰি ২০০০ৰ পৰা ২৫০০ লোকে বেৰ ভাঙি খেলপথাৰত প্ৰৱেশ কৰে। ক্ষুব্ধ দৰ্শকে ষ্টেডিয়ামৰ গ’লপোষ্টত থকা জাল ছিঙি পোলোৱাৰ লগতে শ্বেডিং টানেলৰ ক্ষতিসাধন কৰে। আনকি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে এই আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত আৰক্ষীয়ে লাঠী চাৰ্জৰ আশ্ৰয় লৈছিল।

বিশৃংখলতাৰ বাবে মেছিয়ে নিৰ্ধাৰিত প্ৰদৰ্শন সম্পূৰ্ণ নকৰাকৈ খেলপথাৰ এৰিবলৈ বাধ্য হয়। পৃষ্ঠপোষকৰ বেনাৰ ফালি পেলোৱা হ’ল, কিছুমান ঠাইত চকীও দলিয়াই পেলোৱা হ’ল।

এই সমগ্ৰ ঘটনাৰ পিছতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ লিখিছে, শনিবাৰে পুৱা ছল্ট লেক ষ্টেডিয়ামত হোৱা বিশৃংখলতাই মোক স্তম্ভিত আৰু বিচলিত কৰিছে। এই দুৰ্ভাগ্যজনক কাণ্ডৰ বাবে মই সকলো ক্ৰীড়াপ্ৰেমী লিয়নেল মেছি আৰু তেওঁৰ সমৰ্থকসকলৰ ওচৰত ক্ষমা বিচাৰিছো। তেওঁ উল্লেখ কৰে যে তেওঁ এই কাণ্ডৰ তদন্তৰ বাবে বিশেষ তদন্ত সমিতি গঠন কৰিছে।

তদন্ত সমিতিৰ নেতৃত্বত থাকিব অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অসীম কুমাৰ ৰায়। ইয়াৰ উপৰিও ৰাজ্যখনৰ মুখ্য সচিব, অতিৰিক্ত মুখ্য সচিব, আৰু গৃহ আৰু পাহাৰ বিভাগৰ বিষয়াসকলো অন্তৰ্ভুক্ত হ’ব। মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে কমিটীয়ে এই ঘটনাৰ সম্যক পর্যালোচনা কৰি, দোষীক চিনাক্ত কৰি, ভৱিষ্যতে এনে ঘটনা ৰোধৰ বাবে প্রয়োজনীয় পৰামৰ্শ আগবঢ়াব।

ঘটনাস্থলীত উপস্থিত থকা লোকসকলে জনোৱা মতে, মেছিৰ অনুষ্ঠানৰ আৰম্ভণি হৈছিল উৎসাহ আৰু উল্লাসেৰে। দীৰ্ঘদিন ধৰি দৰ্শকে মেছিক দেখাৰ বাবে অপেক্ষা কৰি আছিল যদিও দৰ্শকৰ উত্তেজনা নিয়ন্ত্ৰণৰ বাহিৰলৈ ঘূৰি আহি পিছত হিংসাত্মক ৰূপ লয়। বিশৃংখলতাই ষ্টেডিয়ামখনক যুদ্ধক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাত অনুষ্ঠানটি আধাতে শেষ কৰিবলগীয়া হ’ল।

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই বিষয়ত সকলো ক্ৰীড়াপ্ৰেমীৰ ওচৰত ক্ষমা বিচাৰি তদন্ত সমিতিখনে সম্পূৰ্ণ নিৰপেক্ষতা আৰু স্বচ্ছতাৰে কাম কৰিব বুলি আশ্বাস দিয়ে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande