সাংসদ গৌৰৱ গগৈৰ হাতত অসমৰ ৰাজনীতি সুৰক্ষিত নহয়,
গুৱাহাটী, ১৩ ডিচেম্বৰ (হি.স.)। সাংসদ গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ বিৰুদ্ধে মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ। মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ বিৰুদ্ধে মন্তব্য ৰখাৰ পিছতে এইবাৰ কেন্দ্ৰীয় মন্ত্ৰীয়ে গৌৰৱ গগৈৰ বিৰুদ্ধে আগবঢ়ালে বিশেষ মন্তব্য। সাংসদ গৌ
সাংসদ গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ বিৰুদ্ধে মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ


গুৱাহাটী, ১৩ ডিচেম্বৰ (হি.স.)। সাংসদ গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ বিৰুদ্ধে মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ। মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ বিৰুদ্ধে মন্তব্য ৰখাৰ পিছতে এইবাৰ কেন্দ্ৰীয় মন্ত্ৰীয়ে গৌৰৱ গগৈৰ বিৰুদ্ধে আগবঢ়ালে বিশেষ মন্তব্য। সাংসদ গৌৰৱ গগৈৰ হাতত অসমৰ ৰাজনীতি সুৰক্ষিত নহয়। গৌৰৱ গগৈয়ে অসমবাসীক নীতি শিক্ষা দিয়ে কিন্তু তেওঁৰ পৰিয়াল/সন্তান বিদেশী সেইটো মোৰ বিশ্বাস নহয়, তেওঁ অসমত থাকি অসমৰ ৰাজনীতিত জৰিত কিন্তু তেওঁৰে পৰিয়াল বিদেশী নাগৰিক।এই ধৰণৰ ৰাজনৈতিক ব্যক্তি কি ধৰণে অসমৰ উন্নয়ন কৰিব বুলি প্ৰশ্ন উত্থাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই।

তেওঁ এগৰাকী যোৰহাটৰ সাংসদ হৈ সমষ্টিত নাযায় তাৰ বিপৰীতে ম‌ইহে প্ৰতি সপ্তাহত যাওঁ, সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত একো কৰা নাই বুলিও মন্তব্য পবিত্ৰ মাৰ্ঘেৰিটাৰ। কংগ্ৰেছৰ টিকটৰ দাম কিনা-বেচা চলে বুলি সেইটো তেওঁলোকে নিজা স্বীকাৰ কৰিছে, গতিকে সেইটো তেওঁলোকৰ দুস্কৃতি বা পৰম্পৰা।

পঞ্চায়ত নিৰ্বাচনতে টিকট কিনা বেচা হয় বুলি তেওঁলোকে নিজে কয়, মূলধন ব্যৱহাৰ কৰিলে মূলধন ঘূৰাই পাবলৈ আৰু লাভৰ বাবেতো দুৰ্নীতি কৰিব‌ই, সেয়েহে ৰাইজে তেওঁলোকক ৰাইজে বৰ্জন কৰিছে বুলি মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande