
কামৰূপ, ১৩ ডিচেম্বৰ (হি.স.)। ৰাজ্যত বানে লৈছে সংহাৰী ৰূপ। ঠায়ে ঠায়ে হোৱা বানৰ ফলত বহু লোকে হেৰুৱাব লগা হৈছে প্ৰাণ, জীৱ-জন্তু, সা সম্পত্তিৰ যথেষ্ট ক্ষয় ক্ষতি। পিছে এইয়া কোনো বানৰ দৃশ্য নহয়। এইয়া হৈছে বানপানীৰ সময়ত লবলগীয়া সাৱধানতাৰ বিষয়ে অনুশীলন।
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নিৰ্দেশমৰ্মে পলাশবাৰী ৰাজহচক্ৰৰ উদ্যোগত পলাশবাৰীৰ লোহাৰঘাটত তিনিদিনীয়াকৈ বানপানীৰ সময়ত লবলগীয়া সাৱধানতাৰ বিষয়ে অনুশীলন কাৰ্য্যসূচী অনুষ্ঠিত হয়। পলাশবাৰীৰ পি এম শ্ৰী লোহাৰঘাট চৰকাৰী মজলীয়া বিদ্যালয়ত ১১ ডিচেম্বৰৰ পৰা ১৩ ডিচেম্বৰলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই অনুশীলনৰ আজি সফল সামৰণী পৰে।আজি শেষৰ দিনা বাঠা নদীত বানপানীৰ সময়ত লবলগীয়া সাৱধানতাৰ বিষয়ে অনুশীলনৰ মকড্ৰিল দেখুওৱা হয়। আজিৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে কামৰূপৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, পলাশবাৰী সমজিলা আয়ুক্ত ৰশ্মি বৰুৱা গগৈ, পলাশবাৰী ৰাজহ চক্ৰ বিষয়া ডঃ অংকিতা শৰ্মা, দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নৰকান্ত অধিকাৰী।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ