জাগীৰোডত মন্ত্ৰী পীযুষ হাজৰিকাৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ
মৰিগাঁও, ১৩ ডিচেম্বৰ (হি.স.)। অহা ২০/২১ ডিচেম্বৰত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীৰ এই দুদিনীয়া ভ্ৰমণসূচীত গুৱাহাটী এয়াৰপৰ্ট উদ্বোধন , নামৰূপ সাৰ কাৰখানা সম্প্ৰসাৰণ কৰা অংশৰ আধাৰশিলা অনুষ্ঠানকে ধৰি ৰাজ্য খনৰ কেইবাটাও গ
জাগীৰোডত মন্ত্ৰী পীযুষ হাজৰিকাৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ


মৰিগাঁও, ১৩ ডিচেম্বৰ (হি.স.)। অহা ২০/২১ ডিচেম্বৰত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীৰ এই দুদিনীয়া ভ্ৰমণসূচীত গুৱাহাটী এয়াৰপৰ্ট উদ্বোধন , নামৰূপ সাৰ কাৰখানা সম্প্ৰসাৰণ কৰা অংশৰ আধাৰশিলা অনুষ্ঠানকে ধৰি ৰাজ্য খনৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। লগতে চলিত মাহৰ শেষৰ সপ্তাহত অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ ।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাত কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পুঁজিৰে নিৰ্মাণ কৰা ব্ৰটদ্ৰৱা প্ৰকল্পৰ উদ্বোধনৰ লগতে কেইবাটাও কাৰ্যসূচীত ভাগ ল'ব গৃহমন্ত্ৰী অমিত শ্বাহে । প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ আগন্তুক এই ভ্ৰমণসূচী সন্দৰ্ভত জানিবলৈ দিয়ে মন্ত্ৰী পীযুষ হাজৰিকাই । পাঁচ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ'বলগীয়া জাগীৰোড মহাবিদ্যালয়ৰ নতুন বিজ্ঞান ভৱনৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী গৰাকীয়ে এই কথা সদৰি কৰে । লগতে তেওঁ জাগীৰোড সমষ্টিৰ অন্তৰ্গত ৮২ গৰাকী ছাত্ৰ-ছাত্ৰীক ড০ বাণীকান্ত কাকতি প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত স্কুটি বিতৰণ কাৰ্যসূচীতো অংশগ্ৰহণ কৰে ।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande