মেছিৰ অনুষ্ঠানত বিশৃংখলতাক লৈ আয়োজক আৰু আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ গৱৰ্ণৰৰ
কলকাতা, ১৩ ডিচেম্বৰ (হি.স.)। কলকাতাৰ যুৱ ভাৰতী ষ্টেডিয়ামত লিয়নেল মেছিৰ ইভেণ্টৰ সময়ত সংঘটিত হোৱা হুলস্থুল আৰু বিশৃংখলতাৰ বাবে গভীৰ শোক আৰু উদ্বেগ প্ৰকাশ কৰিছে পশ্চিমবংগৰ গৱৰ্ণৰ ড০ চি ভি আনন্দ বসুৱে। ঘটনাৰ পিছত শনিবাৰে বিয়লি জাৰি কৰা এক বিবৃতিত ৰ
राज्यपाल बोस


কলকাতা, ১৩ ডিচেম্বৰ (হি.স.)। কলকাতাৰ যুৱ ভাৰতী ষ্টেডিয়ামত লিয়নেল মেছিৰ ইভেণ্টৰ সময়ত সংঘটিত হোৱা হুলস্থুল আৰু বিশৃংখলতাৰ বাবে গভীৰ শোক আৰু উদ্বেগ প্ৰকাশ কৰিছে পশ্চিমবংগৰ গৱৰ্ণৰ ড০ চি ভি আনন্দ বসুৱে। ঘটনাৰ পিছত শনিবাৰে বিয়লি জাৰি কৰা এক বিবৃতিত ৰাজ্যপালগৰাকীয়ে ক্ৰীড়াপ্ৰেমীৰ বাবে এটা দুখৰ দিন বুলি অভিহিত কৰি কয় যে অনুষ্ঠানটোৰ দুৰ্বল পৰিকল্পনা আৰু পৰিচালনাই দৰ্শক, মুখ্যমন্ত্ৰী, জনসাধাৰণৰ আশাক মষিমূৰ কৰি পেলাইছে।

ৰাজ্যপালগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে এই সমগ্ৰ ঘটনাৰ সৰ্বোচ্চ দায়িত্ব আয়োজক আৰু পৃষ্ঠপোষকসকলে বহন কৰে, কিন্তু আৰক্ষীয়েও চৰকাৰ, জনসাধাৰণ, আৰু মুখ্যমন্ত্ৰীক ব্যৰ্থ কৰে। তেওঁ উল্লেখ কৰে যে এই পৰিস্থিতি কলকাতাৰ ক্ৰীড়াপ্ৰেমীৰ বাবে অত্যন্ত দুখজনক আৰু এয়া গ্ৰহণযোগ্য নহয়।

ড০ চি ভি আনন্দ বসুৱে ৰাজ্য চৰকাৰলৈ কেইবাটাও নিৰ্দেশনা জাৰি কৰিছে। ইয়াৰ ভিতৰত আয়োজক আৰু পৃষ্ঠপোষকক গ্ৰেপ্তাৰ কৰা, টিকট ক্ৰেতাক ধন ঘূৰাই দিয়া, ষ্টেডিয়াম আৰু ৰাজহুৱা সম্পত্তিৰ ক্ষতিৰ বাবে আয়োজকৰ পৰা ধন লোৱা, সমগ্ৰ কাণ্ডৰ ন্যায়িক তদন্ত, গাফিলতিপূৰ্ণ আৰক্ষী বিষয়াক নিলম্বন কৰা, আৰু ভৱিষ্যতে বৃহৎ অনুষ্ঠানৰ বাবে মানক পৰিচালনা পদ্ধতি (এছ অ’ পি) ৰূপায়ণ কৰা আদি অন্যতম।

ৰাজ্যপালে দৰ্শকৰ বাবে বীমা পৰিকল্পনা তৈয়াৰ কৰাৰ পৰামৰ্শও আগবঢ়ায়, য’ত প্ৰিমিয়াম আয়োজক আৰু পৃষ্ঠপোষকে প্ৰদান কৰিব।

ৰাজ্যপালগৰাকীয়ে কয় যে একাংশ ব্যক্তিগত পৃষ্ঠপোষকে মেছিৰ নামৰ অপব্যৱহাৰ কৰি ব্যক্তিগত স্বাৰ্থৰ বাবে অনুষ্ঠানটো আয়োজন কৰিছিল, যাৰ ফলত সাধাৰণ জনতা আৰু তেওঁৰ অনুৰাগীৰ আৱেগক অপমান কৰা হৈছিল। তেওঁ কয় যে আৰক্ষীয়ে অনুষ্ঠানটো সুচাৰুৰূপে পৰিচালনা কৰাটো নিশ্চিত কৰিব লাগিছিল যদিও ন্যস্ত স্বাৰ্থৰ দ্বাৰা পৰিচালিত একাংশ ব্যক্তিৰ হেঁচাত তেওঁলোকে এই কথা অৱহেলা কৰে।

যোৱা ১২ ডিচেম্বৰত ৰাজ্য চৰকাৰলৈ লিখা এখন পত্ৰত ৰাজ্যপালগৰাকীয়ে অভিযোগ উত্থাপন কৰিছিল যে বহু ফুটবল অনুৰাগীয়ে নিজৰ প্ৰিয় খেলুৱৈ মেছিক টিকটৰ মূল্য অতিমাত্ৰা হোৱাৰ বাবে চাব নোৱাৰাৰ অভিযোগ উত্থাপন কৰিছিল। লগতে তেওঁ উদ্বেগ প্ৰকাশ কৰে যে বৃহৎ পৰিমাণৰ ধন খৰচ কৰাসকলেহে মেছিক চাবলৈ সক্ষম হৈছিল, আনহাতে সাধাৰণ জনতাক এই সুযোগৰ পৰা বঞ্চিত কৰা হৈছিল।

আনকি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠিচাৰ্জৰ আশ্ৰয় লৈছিল, যাৰ ফলত দৰ্শকৰ মাজত ক্ষোভ আৰু অধিক বৃদ্ধি পাইছিল। ৰাজ্যপালগৰাকীয়ে উদ্যোক্তাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ লগতে সাধাৰণ জনতাৰ হাৰাশাস্তিৰ প্ৰতি বিশেষ গুৰুত্ব দিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায়।

ৰাজ্যপালে কয় যে বৃহৎ অনুষ্ঠানৰ বাবে দৰ্শক আৰু অনুৰাগীৰ সংখ্যা আগতীয়াকৈ অনুমান কৰি সঠিক নিৰাপত্তা আৰু পৰিচালনাৰ ব্যৱস্থা কৰিব লাগিছিল। ভৱিষ্যতে এনে ঘটনাৰ পুনৰাবৃত্তি ৰোধৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ স্পষ্ট কৰি দিয়ে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande