
ধুবুৰী, ১৩ ডিচেম্বৰ (হি.স.)। গৌৰীপুৰৰ দুই ভাতৃৰ বহিঃৰাজ্যত ৰহস্য জনক মৃত্যু। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ বৰাপানীত এই মৰ্মান্তিক ঘটনা।
গৌৰীপুৰ মটেৰঝাৰত ঘৰ যুৱক দুজনৰ। এমাহ পুৰ্বে তিনি ভাতৃ ৰাজ মিস্ত্ৰী কামৰ বাবে গৈছিল শ্বিলংৰ বৰা পানীত। শুই থকা কোঠালিৰ পৰা ৰহস্যজনক ভাৱে উদ্ধাৰ দুই ভাতৃৰ মৃতদেহ ।
আন এজন ভাতৃৰ অৱস্থা সংকট জনক হোৱাত চিকিৎসালয়ত ভৰ্তি। মৃত্যু হোৱা দুই ভাতৃ হৈছে এন্দামূল হক, এক্রামূল হক। সংকট জনক অৱস্থাত চিকিৎসাধীন হৈ থকা জনৰ নাম মফিদুল হক।
একেটা পৰিয়ালৰ দুই ভাতৃৰ কৰুণ মৃত্যুত শোকৰ ছা পৰিছে পৰিয়াল বৰ্গৰ মাজত।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা