তিনিচুকীয়াৰ গেলাপুখুৰী চাহ বাগিচাত কান্দোনৰ ৰোল
তিনিচুকীয়া, ১৩ ডিচেম্বৰ (হি.স.)। তিনিচুকীয়াৰ গেলাপুখুৰী চাহ বাগিচাত কান্দোনৰ ৰোল। অৰুণাচলৰ আঞ্জাও জিলাৰ চাকলাগামত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ২১ শ্ৰমিকৰ ৬ জনক অনা হ''ল গেলাপুখুৰী চাহ বাগিচালৈ। এই পৰ্যন্ত ১৩ শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ। শনিবাৰে অন্য
তিনিচুকীয়াৰ গেলাপুখুৰী চাহ বাগিচাত কান্দোনৰ ৰোল


তিনিচুকীয়া, ১৩ ডিচেম্বৰ (হি.স.)। তিনিচুকীয়াৰ গেলাপুখুৰী চাহ বাগিচাত কান্দোনৰ ৰোল। অৰুণাচলৰ আঞ্জাও জিলাৰ চাকলাগামত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ২১ শ্ৰমিকৰ ৬ জনক অনা হ'ল গেলাপুখুৰী চাহ বাগিচালৈ। এই পৰ্যন্ত ১৩ শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ। শনিবাৰে অন্য সাতজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ। ঘটনাস্থলীৰ শ্বাসৰুদ্ধকৰ পৰিবেশৰ বৰ্ণনা মন্ত্ৰী বিমল বৰাৰ।

দুৰ্গম পাহাৰত মৃতদেহ উদ্ধাৰ কৰিবলৈ যাওঁতে প্ৰত্যাহ্বানৰ‌ সন্মুখীন হ'বলগীয়া হৈছে উদ্ধাৰকাৰী ভাৰতীয় সেনা,এন ডি আৰ এফ বাহিনী। দুৰ্ঘটনাত পতিত ট্ৰাকৰ ভিতৰত মৃতদেহ থকাৰ সম্ভাৱনা। ঘটনাৰ তদন্ত কৰি এজন গ্ৰেপ্তাৰৰ বিষয়ে জনালে তিনিচুকীয়া জিলা আয়ুক্তই। জিলা প্ৰশাসনৰ তৎপৰতাত ৬ শ্ৰমিকৰ মৃতদেহ চমজাই দিয়া হয় পৰিয়ালক। জিলা প্ৰশাসনৰ উদ্যোগত নিহত শ্ৰমিকৰ সমূহীয়া সৎকাৰ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande