
শিৱসাগৰ, ১৩ ডিচেম্বৰ (হি.স.)। নাজিৰা সমজিলাৰ অন্তৰ্গত গেলেকী চাৰিআলি মাজমজিয়াৰ এটা ভাড়া ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এটা মৃতদেহ।কোঠাৰ ভিতৰত চিপ লোৱাৰ বহু সময়ৰ পিছত মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে।জানিব পৰা মতে মৃত ব্যক্তি জনৰ নাম হৈছে ইফতিকাৰ ৰহমান বড়া।ইফতিকাৰ ৰহমান বড়া হৈছে শিৱসাগৰৰ নিবাসী।
আৰু বৰ্তমান ইফতিকাৰ ৰহমান বড়া গুৱাহাটী হাতীগাওত বসবাস কৰে বুলি স্থানীয় ৰাইজৰ যোগেদি গম পোৱা গৈছে।ইফতিকাৰ ৰহমান বড়াই দীৰ্ঘদিন ধৰি কয়লা ব্যৱসায়িক সূত্ৰে গেলেকীৰ ভাড়া ঘৰত থাকি লৈছিল।কিন্তু হঠাৎ আজি ইফতিকাৰ ৰহমানে চিপ লোৱা বুলি খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চল জুৰি তীব্ৰ চাঞ্চল সৃষ্টি হৈছে।
ইতিমধ্যে দণ্ডাদীশ আৰু গেলেকী আৰক্ষীৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।পৰৱৰ্তী আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ইফতিকাৰ ৰহমান বড়াৰ মৃত্যু আচলতে আত্মহত্যা নে হত্যা ?
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ