
নগাও, ১৩ ডিচেম্বৰ (হি.স.)। ঐতিহাসিক বটদ্ৰৱা প্ৰকল্প ৰাইজৰ বাবে মুকলি কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ২৯ ডিচেম্বৰত বটদ্ৰৱাত উপস্থিত হৈ ৰাইজৰ বাবে মুকলি কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে। অমিত শ্বাহৰ আগমনৰ পূৰ্বে বটদ্ৰৱাৰ প্ৰকল্প স্থলীত উপস্থিত মন্ত্ৰী পিযুষ হাজৰিকা, কেশৱ মহন্ত , বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী আৰু শশীকান্ত দাস।
জিলা আয়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকক লগত লৈ প্ৰকল্পস্থলী পৰিদৰ্শন কৰে মন্ত্ৰী পিযুষ হাজৰিকাই। গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ৬০ হেজাৰ ৰাইজৰ সমাগম হোৱাৰ পৰিকল্পনা মন্ত্ৰী পিযুষ হাজৰিকাৰ। ২০১৬ চনত ছেপ্তেম্বৰ মাহত বেদখলকাৰীৰ কৱলৰ পৰা উদ্ধাৰ কৰা ১৬০ বিঘা ভূমিত ঐতিহাসিক বটদ্ৰৱা প্ৰকল্প নিৰ্মাণক লৈয়ো মন্তব্য মন্ত্ৰী পীযূষ হাজৰিকাৰ।
উল্লেখ্য যে বিজেপি নেত্বীত্বাধীন চৰকাৰে শাসন ভাৰ গ্ৰহণ কৰাৰ পিছতেই প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ তৎপৰতাত বটদ্ৰৱাৰ আকাশী গঙ্গাৰ পাৰৰ বেদখলৃত ভূমিত উচ্ছেদ চলাইছিল। ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰীত বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণ কাৰ্য্যৰ শুভাৰম্ভ কৰিছিল গৃহমন্ত্ৰী অমিত শ্বাহে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা