বোকাখাতত গণিত-বিজ্ঞান পৰীক্ষাগাৰৰ নিমাৰ্ণকাৰ্যৰ আধাৰশিলা স্থাপন কৰিলে মন্ত্ৰী অতুল বৰাই
গোলাঘাট, ১৩ ডিচেম্বৰ (হি.স.)। ''জুবিন গাৰ্গৰ মৃত্যু ৰহস্য সন্দৰ্ভত এছ আই টি য়ে তদন্দৰ প্ৰতিবেদন আদালতত দাখিল কৰিলে, এতিয়া সকলো আদালতৰ ওপৰত নিৰ্ভৰ কৰিব, কিন্ত দোষীয়ে শাস্তি পাবই লাগিব'' ৷ এই প্ৰতিক্ৰিয়া অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ । বোকা
বোকাখাতত গণিত-বিজ্ঞান পৰীক্ষাগাৰৰ নিমাৰ্ণকাৰ্যৰ আধাৰশিলা স্থাপন কৰিলে মন্ত্ৰী অতুল বৰাই


গোলাঘাট, ১৩ ডিচেম্বৰ (হি.স.)। 'জুবিন গাৰ্গৰ মৃত্যু ৰহস্য সন্দৰ্ভত এছ আই টি য়ে তদন্দৰ প্ৰতিবেদন আদালতত দাখিল কৰিলে, এতিয়া সকলো আদালতৰ ওপৰত নিৰ্ভৰ কৰিব, কিন্ত দোষীয়ে শাস্তি পাবই লাগিব' ৷ এই প্ৰতিক্ৰিয়া অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ ।

বোকাখাতত শনিবাৰে শিক্ষা বিভাগৰ অনুদানেৰে গণিত-বিজ্ঞান পৰীক্ষাগাৰৰ নিমাৰ্ণকাৰ্যৰ আধাৰশিলা কৰে মন্ত্ৰী অতুল বৰাই ।১৮ লাখ ৯৭ হাজাৰ টকাৰে বোকাখাত সমজিলাৰ কেইবাখনো বিদ্যালয়ত গণিত-বিজ্ঞান বিষয়ৰ পৰীক্ষাগাৰ স্থাপনৰ আধাৰশিলা কৰে বোকাখাতৰ বিধায়কজনে । এই অনুষ্ঠানৰ শেষত হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জচিট সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰীজনে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande