শোণিতপুৰ জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ দলত্যাগঃ জুৱিনৰ ন্যায়প্ৰাপ্তিৰ দাবীত তেজপুৰত অনশন যুৱ কংগ্ৰেছৰ
শোণিতপুৰ, ১১ ডিচেম্বৰ (হি.স.)। ৰাজ্যত ২০২৬ত অনুষ্ঠিত হ’বলগীয়া বিধান সভা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক দলসমূহৰ তৎপৰতা ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ লগতে দলত্যাগ বা যোগদান কাৰ্যসূচীও অব্যাহত আছে৷ ইয়াৰে মাজতে আজি কংগ্ৰেছ দল ত্যাগ কৰিছে শোণিতপুৰ জিলা যুৱ কংগ্ৰে
শোণিতপুৰ জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ দলত্যাগঃ জুৱিনৰ ন্যায়প্ৰাপ্তিৰ দাবীত তেজপুৰত অনশন যুৱ কংগ্ৰেছৰ


শোণিতপুৰ, ১১ ডিচেম্বৰ (হি.স.)। ৰাজ্যত ২০২৬ত অনুষ্ঠিত হ’বলগীয়া বিধান সভা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক দলসমূহৰ তৎপৰতা ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ লগতে দলত্যাগ বা যোগদান কাৰ্যসূচীও অব্যাহত আছে৷ ইয়াৰে মাজতে আজি কংগ্ৰেছ দল ত্যাগ কৰিছে শোণিতপুৰ জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হিৰণ্য কুমাৰ নাথে ৷

আজি সামাজিক মাধ্যমৰ জৰিয়তে তেওঁ শোণিতপুৰ জিলা যুৱ কংগ্ৰেছৰ সভাপতিক উদ্দেশ্যি কয় যে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ ৰাজ্যিক ছ'চিয়েল মিডিয়াৰ সমন্বয়ক তথা শোণিতপুৰ জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ পদৰ পৰা পদত্যাগ কৰাৰ লগতে শোণিতপুৰ জিলাৰ বৰছলা সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি পদৰ পৰাও পদত্যাগ কৰে ৷ তেওঁ লগতে আজিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্য পদৰ পৰাও পদত্যাগ কৰে বুলি উল্লেখ কৰিছে ৷ তেওঁ অৱশ্যে পদত্যাগৰ কাৰণ এইপৰ্যন্ত ৰাজহুৱা কৰা নাই৷

ইপিনে আজি শিল্পী জুৱিন গাৰ্গৰ ন্যায় বিছাৰি শোণিতপুৰ জিলা যুৱ কংগ্ৰেছে অনশন কাৰ্যসূচী ৰূপায়ণ কৰে ৷ কাইলৈ এছ আই টিয়ে জুৱিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ অভিযোগ নামা দাখিলৰ পূৰ্বে আজি জুবিন গাৰ্গে যাতে ন্যায়লাভ কৰে, সেই দাবীত তেজপুৰ ৰাজীৱ ভৱনৰ সন্মুখত ১২ ঘন্টীয়া অনশনৰ কাৰ্যসূচী ৰূপায়ণ কৰে ৷

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande