সোণাপুৰৰ জুবিন ক্ষেত্ৰত বিশ্বকাপ বিজয়ী চিমু দাসক সম্বৰ্দ্ধনা
সোণাপুৰৰ জুবিন ক্ষেত্ৰত বিশ্বকাপ বিজয়ী চিমু দাস
সোণাপুৰৰ জুবিন ক্ষেত্ৰত বিশ্বকাপ বিজয়ী চিমু দাস


কামৰূপ, ১১ ডিচেম্বৰ (হি.স.)। সোণাপুৰৰ জুবিন ক্ষেত্ৰত বিশ্বকাপ বিজয়ী চিমু দাসক সম্বৰ্ধনা জনোৱা হয়। চেল্যুট ত্রিৰংগা অসম প্রদেশৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জনোৱা হয় খেলুৱৈগৰাকীক।

উল্লেখ্য় যে দৃষ্টিহীনৰ মহিলাৰ টি২০ বিশ্বকাপ জয়ী ভাৰতীয় দলৰ সদস্য নগাঁৱৰ কঠীয়াতলিৰ চিমু দাসক আজি চেল্যুট ত্রিৰংগা, অসম প্রদেশৰ ফালৰ পৰা সম্বৰ্দ্ধনা জনোৱা হয়। সোণাপুৰস্থিত জুবিন গাৰ্গৰ সমাধিস্থলীত উপস্থিত হোৱাৰ সময়তে ক্ৰীড়াবিদ গৰাকীক সম্বৰ্দ্ধনা জনোৱা হয়।

চেল্যুট ত্রিৰংগা অসম প্রদেশৰ নেতৃত্ব অনুপ সিনহা আৰু অসম গৌৰৱ ধৃতিমালা ডেকা উপস্থিত থাকি এটি স্মাৰক, গামোচা আৰু চেলেং চাদৰেৰে ক্ৰিকেটাৰ গৰাকীক সম্বৰ্দ্ধনা জনায়।

---------------

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande