
ডিব্ৰুগড়, ১১ ডিচেম্বৰ (হি.স.)। সমুখত সোণোৱাল কছাৰী স্বায়ত্ব পৰিষদৰ নিৰ্বাচন ৷ টিংখাঙত ভোটাৰ তালিকাত নাম নাহিল বহু ভোটাৰৰ ৷
অতি শীঘ্ৰে ৰাজ্যত অনুষ্ঠিত হ'ব সোণোৱাল কছাৰী স্বায়ত্ব পৰিষদৰ নিৰ্বাচন। নিৰ্বাচনক কেন্দ্ৰ কৰি সোণোৱাল কছাৰী লোক সকলৰ মাজত ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে। তাৰ মাজতে টিংখাঙত ভোটাৰ তালিকাত ব্যাপক বিসংগতি দেখিবলৈ পোৱা গৈছে।
সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নৱগঠিত ১৭ নং বামুনবাৰী সমষ্টিত ৰহস্যজনক ভাৱে বাদ পৰিল বহু ভোটাৰৰ নাম। সমষ্টিতোৰ ঔফুলীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় ভোট কেন্দ্ৰৰ অন্তৰ্গত দিৰৈ আলি কিনাৰ আৰু দিকচাম ব্লক গাঁৱৰ প্ৰায় ৪০ টা পৰিয়ালৰ শতাধিক ভোটাৰৰ নাম অন্তৰ্ভুক্ত হোৱা নাই এইবাৰৰ ভোটাৰ তালিকাত। যাৰবাবে এতিয়া তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টিৰ সৃষ্টি হৈছে বঞ্চিত লোক সকলৰ মাজত।
পৰিষদৰ নিৰ্বাচনত পূৰ্বৰে পৰা ভোটাধিকাৰ সাব্যস্ত কৰি অহা একাংশ লোকৰ নাম এইবাৰ কিয় বাদ পৰিল তাত ৰহস্যৰ গোন্ধ পাইছে এই সকল লোকে। উল্লেখযোগ্য যে ভোটাৰৰ তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱা লোকসকল স্বাভাৱিকতেই পৰিষদৰ বিভিন্ন আঁচনি আৰু সা-সুবিধাৰ পৰা বঞ্চিত হ'ব লাগিব। সেয়ে পৰিষদীয় ভোটাৰ তালিকাত সংঘটিত হোৱা এনে বিসংগতি আঁতৰ কৰি বঞ্চিত ভোটাৰ সকলৰ নাম ভোটাৰ তালিকাত পুনৰ সন্নিৱিষ্ট কৰিবলৈ নিৰ্বাচনী বিষয়া তথা চৰকাৰৰ প্ৰতি আহ্বান জনাইছে বঞ্চিত লোক সকলে।
ইফালে বিগত কাৰ্যকাল সমূহত সোণোৱাল কছাৰী স্বায়ত্ব পৰিষদত সংঘটিত হোৱা চূড়ান্ত দুৰ্নীতি তথা লবি কেন্দ্ৰীক ৰাজনীতিৰ বাবে সোণোৱাল কছাৰী সকলৰ সামগ্ৰিক উন্নয়ন ব্যাঘাত হোৱা বুলি উল্লেখ কৰি আগন্তুক নিৰ্বাচনত এখন স্বচ্ছ আৰু নিকা পৰিষদ গঠন কৰাত সকলো ৰাইজক সচেতন হ'বলৈ আহ্বান জনায় স্থানীয় ৰাইজে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা