বৰপেটা ৰোডত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত দুজন,আহত এজন
বৰপেটা, ১১ ডিচেম্বৰ (হি.স.)। ঘন কুঁৱলীৰ বাবেই নিশা বৰপেটা ৰোডৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুটা কৈ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে l নিশা পৃথকে পৃথকে সংঘটিত হোৱা দুটা কৈ পথ দুৰ্ঘটনাত চাৰি চকীয়া আৰু দুচকীয়া বাহনৰ খুন্দাত দুজন ব্যক্তিৰ থিতাতে মৃত্যু হয় আৰু গ
বৰপেটা ৰোডত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত দুজন,আহত এজন


বৰপেটা, ১১ ডিচেম্বৰ (হি.স.)। ঘন কুঁৱলীৰ বাবেই নিশা বৰপেটা ৰোডৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুটা কৈ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে l নিশা পৃথকে পৃথকে সংঘটিত হোৱা দুটা কৈ পথ দুৰ্ঘটনাত চাৰি চকীয়া আৰু দুচকীয়া বাহনৰ খুন্দাত দুজন ব্যক্তিৰ থিতাতে মৃত্যু হয় আৰু গুৰুতৰ ভাৱে আহত হয় এজন।

আনহাতে বৰপেটা ৰোডৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালাভিটাত ই– ৰিক্সা আৰু চাৰিচকীয়া বাহনৰ মাজত সংঘটিত হয় ভয়ংকৰ শোকাবহ দুৰ্ঘটনাটো l

ফলত থিতাতে নিহত হয় ২০ বছৰীয়া ই ৰিক্সা চালক ফুলচান্দ আলী l

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande