অৰুণাচল প্ৰদেশৰ মেটেলিয়াঙৰ সমীপত পাহাৰৰ পৰা ট্ৰাক বাগৰি ২২ জন শ্ৰমিকৰ কৰুণ মৃত্যু
তিনিচুকীয়া, ১১ ডিচেম্বৰ (হি.স.)। অৰুণাচল প্ৰদেশত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। অৰুণাচল প্ৰদেশৰ হাইলং-চাকলাগাম পথৰ মেটেলিয়াঙৰ সমীপত পাহাৰৰ পৰা ট্ৰাক বাগৰি পৰি ২২ জন শ্ৰমিকৰ কৰুণ মৃত্যু হয়। মৃত শ্ৰমিকসকলৰ ভিতৰত আছে তিনিচুকীয়াৰ গেলাপুখুৰী চাহ বা
অৰুণাচল প্ৰদেশৰ মেটেলিয়াঙৰ সমীপত পাহাৰৰ পৰা ট্ৰাক বাগৰি ২২ জন শ্ৰমিকৰ কৰুণ মৃত্যু


তিনিচুকীয়া, ১১ ডিচেম্বৰ (হি.স.)। অৰুণাচল প্ৰদেশত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। অৰুণাচল প্ৰদেশৰ হাইলং-চাকলাগাম পথৰ মেটেলিয়াঙৰ সমীপত পাহাৰৰ পৰা ট্ৰাক বাগৰি পৰি ২২ জন শ্ৰমিকৰ কৰুণ মৃত্যু হয়। মৃত শ্ৰমিকসকলৰ ভিতৰত আছে তিনিচুকীয়াৰ গেলাপুখুৰী চাহ বাগিচাৰ ১৯ গৰাকীকৈ শ্ৰমিক।

জানিব পৰামতে, তিনিচুকীয়াৰ গেলাপুখুৰীৰ চাহ বাগিছাৰ পৰা গৈছিল বুধেশ্বৰ দীপ, ৰাহুল কুমাৰ, সমীৰ দীপ, জোন কুমাৰ, পংকজ মানকী, অজয় মানকী, বিজয় কুমাৰ, অভয় ভূমিজ, ৰোহিত মানকী, বিৰেন্দ্ৰ কুমাৰ, আগৰ তাঁতি, ধীৰেন চেতিয়া, ৰজনী নাগ, দীপ গোৱালা, ৰামচবক সোণাৰ, সোনাতন নাগ, সঞ্জয় কুমাৰ, কৰণ কুমাৰ আৰু জোনাচ মুণ্ডা। ইতিমধ্যে ঘটনাস্থলীত ১৩ গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে বাকী সকলৰ মৃতদেহ এতিয়াও উদ্ধাৰ হোৱা নাই। এই ঘটনাই জিলাখনত শোকাকূল পৰিৱেশৰ সৃষ্টি কৰিছে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande