

কামৰূপ, ১১ ডিচেম্বৰ (হি.স.)। সোণাপুৰত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ বিনামূলীয়া চাউলৰ লগতে সূলভ মূল্যৰ দাইল, নিমখ, চেনী নাপাই ক্ষোভিত হৈ পৰে হিতাধিকাৰী । পুৱা পাঁচ বজাৰ পৰা দুপৰ নিশালৈকে শাৰী পাতিও নাপালে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ খাদ্য সামগ্ৰী ৷
সোণাপুৰৰ বৰখাট পানবাৰী গাঁও পঞ্চায়ত সমবায় সমিতিৰ লগতে থকা সোণাপুৰ খুচুৰা শাখাত সংঘটিত হৈছে এই ঘটনা ৷ চৰকাৰে এক ডিচেম্বৰৰ পৰা দহ ডিচেম্বৰৰ ভিতৰত সামগ্ৰী সমূহ বিতৰণৰ সময়সীমা বান্ধি দিছিল যদিও কালি সময় সীমা উকলি যোৱাৰ পিছতো বহু হিতাধিকাৰীয়ে খাদ্য সামগ্ৰী নোপোৱাকৈয়ে ঘৰলৈ উভতিবলগীয়া হ'ল ৷ যাৰ বাবে বহু দৰিদ্ৰ পৰিয়ালৰ মাজত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে ৷
জানিব পৰা মতে পূৰ্বে বিনামূলীয়া চাউলৰ বাবে এটা ফিংগাৰ প্ৰিন্টৰ প্ৰয়োজন হৈছিল যদিও এইবাৰ চাৰিবিধ খাদ্য সামগ্ৰীৰ বাবে চাৰিটা ফিংগাৰ প্ৰিন্টৰ প্ৰয়োজন হোৱাত সময়ৰ যথেষ্ট প্ৰয়োজন হৈছে ৷ যাৰ বাবে নিৰ্ধাৰিত সময়ত খাদ্য সামগ্ৰীসমূহ বিতৰণ কৰিব নোৱাৰিলে ৷ সেয়েহে বিতৰণৰ সময় সীমা বৃদ্ধি কৰিবলৈ অনুৰোধ কৰিছে গ্ৰাহক সকলে ৷
এই সন্দৰ্ভত ইতিমধ্যে সোণাপুৰ আছুই প্ৰতিক্ৰিয়া ব্যক্ত কৰি সমস্যা সমাধানৰ বাবে সমজিলা আয়ুক্তৰ ওচৰত এক স্মাৰক পত্ৰ দাখিল কৰে।
---------------
হিন্দুস্থান সমাচাৰ / Narayan Kar