(আপডেট) ঘৰুৱা শ্বেয়াৰ বজাৰ সেউজীয়া চিহ্নত বন্ধ, চেন্সেক্স ৪২৭ পইণ্ট উত্থান
নতুন দিল্লী, ১১ ডিচেম্বৰ (হি.স.)। সপ্তাহটোৰ চতুৰ্থটো ব্যৱসায়িক দিন বৃহস্পতিবাৰে শ্বেয়াৰ বজাৰখন সেউজীয়া চিহ্নত বন্ধ হৈ পৰে। বম্বে ষ্টক এক্সচেঞ্জৰ চেন্সেক্স ৪২৬.৮৬ পইণ্ট বা ০.৫১ শতাংশ জঁপিয়াই ৮৪,৮১৮.১৩ পইণ্টত বন্ধ হয়। নেশ্যনেল ষ্টক এক্সচেঞ্জৰ নি
শ্বেয়াৰ বজাৰ


নতুন দিল্লী, ১১ ডিচেম্বৰ (হি.স.)। সপ্তাহটোৰ চতুৰ্থটো ব্যৱসায়িক দিন বৃহস্পতিবাৰে শ্বেয়াৰ বজাৰখন সেউজীয়া চিহ্নত বন্ধ হৈ পৰে। বম্বে ষ্টক এক্সচেঞ্জৰ চেন্সেক্স ৪২৬.৮৬ পইণ্ট বা ০.৫১ শতাংশ জঁপিয়াই ৮৪,৮১৮.১৩ পইণ্টত বন্ধ হয়। নেশ্যনেল ষ্টক এক্সচেঞ্জৰ নিফটি ১৪০.৫৫ পইণ্ট বা ০.৫৫ শতাংশ বৃদ্ধি পাই ২৫,৮৯৮.৫৫ পইণ্টত বন্ধ হয়।

ইফালে ৩০টা প্ৰধান চেন্সেক্স কোম্পানীৰ ভিতৰত কোটক মহিন্দ্ৰা বেংক, ইটাৰ্নেল, মাৰুতি চুজুকি ইণ্ডিয়া, টাটা ষ্টীল, এইচডিএফচি বেংক, ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ, আল্ট্ৰাটেক চিমেণ্ট, টাটা মটৰ্ছ পেচেঞ্জাৰ ভেহিকেলছ, ছান ফাৰ্মাচিউটিকেলছ, আৰু টেক মহিন্দ্ৰা আদিয়ে লাভৱান হয়। ইফালে ভাৰতী এয়াৰটেল, এছিয়ান পেইণ্টছ, টাইটান, আইটিচি, এক্সিছ বেংক, আৰু আইচিআইচিআই বেংকৰ শ্বেয়াৰৰ মূল্য হ্ৰাস পাইছে। এছিয়াৰ বজাৰত জাপানৰ নিকেই ২২৫, চীনৰ এছ এছ ই কম্পোজিট, হংকঙৰ হাং চেং, আৰু দক্ষিণ কোৰিয়াৰ কস্পিও লোকচানত আছিল। আন্তঃৰাষ্ট্ৰীয় মানদণ্ড ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য ০.৬৩ শতাংশ হ্ৰাস পাই প্ৰতি বেৰেলত ৬১.৮২ ডলাৰ হয়।

ইয়াৰ এদিন পূৰ্বে বুধবাৰে চেন্সেক্সৰ মূল্য ২৭৫.০১ পইণ্ট বা ০.৩২ শতাংশ হ্ৰাস পাই ৮৪,৩৯১.২৭ পইণ্টত বন্ধ হয়। নিফটিৰ মূল্যও ৮১.৬৫ পইণ্ট বা ০.৩২ শতাংশ হ্ৰাস পাই ২৫,৭৫৮ পইণ্টত বন্ধ হয়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande