বিটিচি ৰ চৰকাৰী কাৰ্যালয়ত কৰ্মৰত চাফাই কৰ্মচাৰী সকলৰ পদ অনুমোদন কৰিবলৈ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক আহ্বান
চিৰাং, ১১ ডিচেম্বৰ (হি.স.)। বিটিচি ৰ বিভিন্ন বিভাগৰ চৰকাৰী কাৰ্যালয়ত কৰ্মৰত চাফাই কৰ্মচাৰী সকলৰ পদ বৰ্তমানলৈ অনুমোদন হোৱা নাই। গতিকে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক চাফাই কৰ্মচাৰী সকলৰ পদ অনুমোদন কৰিবলৈ আহ্বান জনালোঁ । অসম ৰাজ্যিক চাফাই কৰ্মচাৰী আয়
বিটিচি ৰ চৰকাৰী কাৰ্যালয়ত কৰ্মৰত চাফাই কৰ্মচাৰী সকলৰ পদ অনুমোদন কৰিবলৈ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক আহ্বান


চিৰাং, ১১ ডিচেম্বৰ (হি.স.)। বিটিচি ৰ বিভিন্ন বিভাগৰ চৰকাৰী কাৰ্যালয়ত কৰ্মৰত চাফাই কৰ্মচাৰী সকলৰ পদ বৰ্তমানলৈ অনুমোদন হোৱা নাই। গতিকে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক চাফাই কৰ্মচাৰী সকলৰ পদ অনুমোদন কৰিবলৈ আহ্বান জনালোঁ । অসম ৰাজ্যিক চাফাই কৰ্মচাৰী আয়োগৰ সদস্য ভীম বাচফৰে বৃহস্পতিবাৰে বিয়লি বিজনী প্ৰেছ ক্লাবত এখন সংবাদ মেল সম্বোধন কৰি তেও এইদৰে মন্তব্য কৰে।

সংবাদ মেলত তেওঁ কয় যে বিটিচি ৰ হৰিজন কলনীত চৰকাৰে বৰ্তমানলৈকে আৱাস গৃহ নিৰ্মাণ কৰা নাই। বিজনীৰ ৩০ টাকৈ হৰিজন পৰিয়ালৰ বাবে আৱাস গৃহ নিৰ্মাণ কৰিবলৈ বিটিচি চৰকাৰলৈ আহ্বান জনালোঁ । বিটিচি ৰ বিভিন্ন বিভাগত খালী হৈ থকা পদৰ বাবে সাক্ষাৎকাৰ অনুষ্ঠিত কৰিব লাগে আৰু চাফাই কৰ্মচাৰীৰ বাবে ৮০ শতাংশ চাকৰি সংৰক্ষণ কৰিবলৈ বিটিচি চৰকাৰলৈ আহ্বান জনালোঁ ।

চাফাই কৰ্মচাৰী সকলৰ দৰমহা বৃদ্ধি কৰাৰ বাবেও তেও বিটিচি চৰকাৰলৈ আহ্বান জনায়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande