
নগাঁও, ১১ ডিচেম্বৰ (হি.স.)। নগাঁও আৰক্ষীৰ নাকৰ তলতে চোৰৰ চাফাই অভিযান। জিলা খনৰ শিলঘাট আৰক্ষী চকীত নিয়োজিত একাদশ বেটেলিয়নৰ চাৰিজনীয়া জোৱানৰ শিৱিৰৰ পৰা চুৰি হৈছে এটা ইনচাচ ৰাইফল। ঘটনাটো সংঘটিত হয় মঙলবাৰে। চুৰি হোৱা ইনচাচ ৰাইফলৰ সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। ৰাইফল চুৰিৰ সন্দেহত আটক কৰা হৈছে গৌতম দাস নামৰ স্থানীয় এজন যুৱকক। পেশাত নাপিত যুৱকজন সঘনাই আৰক্ষী চকীলৈ অহা যোৱা কৰি থকাৰ বাবেই সন্দেহত আটক কৰিছে গৌতম দাসক।
বন বিভাগক সহায় কৰিবৰ বাবে শিলঘাট আৰক্ষী চকীত বিগত ৬ মাহ ধৰি নিয়োজিত হৈ আছিল চাৰিজনীয়া একাদশ বেটেলিয়নৰ জোৱান কেইজন। বেটেলিয়ন জোৱান চনদ কুমাৰ দাওৰ জিম্মাত থকা ইনচাচ ৰাইফলটো শিলঘাট আৰক্ষী চকীৰ অস্থায়ী শিৱিৰৰ পৰা চুৰি হোৱা ঘটনাৰ অন্তৰালত গভীৰ ৰহস্য থকাৰ সন্দেহ কৰিছে স্থানীয় লোকে। একাদশ বেটেলিয়নৰ চাৰিজনীয়া জোৱানৰ দলটোয়ে বিগত দুটা দিনে গোপনে ৰাইফলটো বিচাৰি তালাচি কৰা ঘটনাই সমগ্ৰ ঘটনাটোত গভীৰ ৰহস্য থকাৰ সন্দেহ কৰিছে স্থানীয় লোকে।
বেটেলিয়ন জোৱান চনদ কুমাৰ দাওৱে কোনো স্থানত ৰাইফলটো হেৰুৱাই চুৰি কাণ্ডৰ ৰূপ দিয়া বুলিও চৰ্চা লাভ কৰিছে শিলঘাটত। শিলঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে নিযুক্ত ৰনধীৰ মেধীয়ে জানিব দিয়া অনুসৰি মঙলবাৰে নিশা ঘটনা সৰ্ন্দভত এটা জিডি এন্ট্ৰি কৰা হৈছে শিলঘাট আৰক্ষী চকীত। হেৰোৱা ৰাইফলটোৰ সন্ধানত বেটেলিয়ন জোৱান কেইজনে তালাচী চলাই আছে বিভিন্ন স্থানত। ৰাইফল চুৰি কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত ৰুগীয়া গৌতম দাসক আৰক্ষীয়ে আটক কৰি প্ৰহাৰ কৰা বুলিও অভিযোগ উত্থাপিত হৈছে আৰক্ষীৰ বিৰুদ্ধে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ