
নলবাৰী, ১১ ডিচেম্বৰ (হি.স.)। সমগ্ৰ শিক্ষা অভিযান, নলবাৰীৰ সৌজন্যত চটাইবাৰী সমল কেন্দ্ৰৰ উদ্যোগত মহেন্দ্ৰ নাৰায়ণ চৌধুৰী প্ৰাথমিক বিদ্যালয়ত আজি অনুষ্ঠিত কৰা হৈছে সামূহিক উৎসৱ। উৎসৱ উপলক্ষে ছাত্ৰ ছাত্ৰী সকলে উলিয়াই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। ১১ খন বিদ্যালয়ে অংশ গ্ৰহণ কৰা সামূহিক উৎসৱত সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে অনুষ্ঠিত কৰা হ'ব মুকলি আৰু বঁটা বিতৰণী সভাৰ লগতে সম্বৰ্ধনা অনুষ্ঠানৰ।
অনুষ্ঠানটোত জিলা শিক্ষা বিষয়া সীমান্ত কুমাৰ ডেকা, বড়িগোগ বনভাগ শিক্ষা খণ্ডৰ খণ্ড উন্নয়ন বিষয়া সমিন বৈশ্যৰ লগতে ভালে কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু