শিৱসাগৰত বিক্ৰম সন্থাৰ উদ্যোগত প্ৰতিবাদী কাৰ্য্যসূচী
শিৱসাগৰ, ১১ ডিচেম্বৰ (হি.স.)। শিৱসাগৰত বিক্ৰম সন্থাৰ উদ্যোগত নগৰ সেৱা, গৌৰীসাগৰ, নামতি, মেচাগড় বিক্ৰম সন্থাৰ সহযোগত শিৱসাগৰ জিলাৰ পৰিবহণ বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। অবৈধভাৱে লাইন সমূহত চলা ই ৰিক্সা চলাচল শ
শিৱসাগৰত বিক্ৰম সন্থাৰ উদ্যোগত প্ৰতিবাদী কাৰ্য্যসূচী


শিৱসাগৰ, ১১ ডিচেম্বৰ (হি.স.)। শিৱসাগৰত বিক্ৰম সন্থাৰ উদ্যোগত নগৰ সেৱা, গৌৰীসাগৰ, নামতি, মেচাগড় বিক্ৰম সন্থাৰ সহযোগত শিৱসাগৰ জিলাৰ পৰিবহণ বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। অবৈধভাৱে লাইন সমূহত চলা ই ৰিক্সা চলাচল শীঘ্ৰে বন্ধ কৰক, আমাৰ গাড়ী সমূহ জিলা পৰিবহণ বিষয়াই চমজি লওক আৰু অবৈধভাৱে অনুমতি প্ৰদান কৰা ই ৰিক্সা ডিলাৰ সমূহ তৎকালে বন্ধ কৰক আদি তিনিদফীয়া দাবীৰে আজিৰ এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়।

ইয়াৰ উপৰিও আজিৰ উক্ত কাৰ্য্যসূচীত জিলা পৰিবহণ বিষয়া হুচিয়াৰ, জিলা পৰিবহণ বিষয়াই ঘোচ খোৱা বন্ধ কৰক আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে শিৱসাগৰ জিলা বিক্ৰম সন্থাৰ বিষয়ববীয়া সকলে। উল্লেখযোগ্য যে প্ৰতিবাদস্থলীত জিলা পৰিবহণ বিষয়া গৰাকী কাৰ্যালয়ৰ ভিতৰৰ পৰা ওলাই নহাৰ বাবে শিৱসাগৰ জিলা বিক্ৰম সন্থাৰ কৰ্ম কৰ্তা সকলে জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ সন্মুখৰ ৰাজপথ অৱৰোধ কৰে। পৰৱৰ্তী সময়ত জিলা পৰিবহণ বিষয়াই শিৱসাগৰ জিলা বিক্ৰম সন্থাৰ কৰ্মকৰ্তা সকলৰ তিনিজন বিষয়ববীয়াক এক আলোচনাৰ বাবে কাৰ্যালয়লৈ মাতি লৈ যায়। জিলা পৰিবহণ বিষয়াৰ হাতত এখন তিনিদফীয়া দাবীৰে এখন স্মাৰক পত্ৰ প্ৰদান কৰে। পৰৱৰ্তী সময়ত শিৱসাগৰ জিলা পৰিবহণ বিষয়াই শিৱসাগৰ জিলা বিক্ৰম সন্থাৰ উক্ত প্ৰতিবাদৰ বিৰুদ্ধে কি পদক্ষেপ গ্ৰহণ কৰে সেইয়াহে হব লক্ষণীয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande