
নলবাৰী, ১১ ডিচেম্বৰ (হি.স.)। নলবাৰীত অসম জাতীয়তাৱাদী যুৱ ছাত্র পৰিষদ(এজেৱাইচিপি) আজি তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে । কা- বাতিল আৰু কা আন্দোলনৰ সময়ত শ্বহীদ হোৱা পঞ্চ শ্বহীদক চৰকাৰী ভাৱে শ্বহীদৰ মৰ্যাদা প্ৰদানৰ দাবীত নলবাৰীত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে মুখত কলা কাপোৰ পৰিধান কৰি তিনি ঘন্টীয়া মৌন অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ ৰূপায়ন কৰে ।কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে দেশত চিটিজেন এমেণ্ডমেন্ট এক্ট(কা)বলবৎ কৰাৰ পুৰ্বে অসমত খিলঞ্জিয়া ৰাইজৰ তীব্ৰ বিৰোধিতাৰ সন্মুখীন হব লগা হৈছিল। কা ৰ বিৰোধিতাৰে সমগ্ৰ অসমত আন্দোলন গঢ়ি তোলা হৈছিল। উক্ত আন্দোলনত পাচজন শ্বহীদ হব লগা হৈছিল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ