মণিপুৰৰ হিংসাৰ পিছত শান্তি সম্প্ৰীতি পুনৰুদ্ধাৰ কৰাটো কেন্দ্ৰীয় চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰঃ ৰাষ্ট্ৰপতি
ইম্ফল, ১১ ডিচেম্বৰ (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয় যে শেহতীয়াকৈ মণিপুৰত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ পিছত ৰাজ্যখনত শান্তি, সম্প্ৰীতি আৰু স্থিতিশীলতা পুনৰুদ্ধাৰ কৰাটো কেন্দ্ৰীয় চৰকাৰৰ শীৰ্ষ অগ্ৰাধিকাৰ। মণিপুৰৰ জনসাধাৰণৰ দুখ-কষ্ট আৰু উদ্বেগ
राष्ट्रपति द्रौपदी मुर्मु गुरुवार को मणिपुर में आयोजित अभिनंदन समारोह में


ইম্ফল, ১১ ডিচেম্বৰ (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয় যে শেহতীয়াকৈ মণিপুৰত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ পিছত ৰাজ্যখনত শান্তি, সম্প্ৰীতি আৰু স্থিতিশীলতা পুনৰুদ্ধাৰ কৰাটো কেন্দ্ৰীয় চৰকাৰৰ শীৰ্ষ অগ্ৰাধিকাৰ। মণিপুৰৰ জনসাধাৰণৰ দুখ-কষ্ট আৰু উদ্বেগ দূৰ কৰাৰ বাবে চৰকাৰে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলি আশ্বাস দিয়ে। বৃহস্পতিবাৰে সন্ধিয়া ইম্ফলত অনুষ্ঠিত এক নাগৰিক অভ্যৰ্থনা অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীয়ে এই মন্তব্য কৰে, য’ত তেওঁ আধাৰশিলা স্থাপন কৰাৰ লগতে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে।

চিটি কনভেনচন চেণ্টাৰত ভাষণ দি ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে মণিপুৰ অধ্যৱসায়, সাহস, আৰু অসাধাৰণ সাংস্কৃতিক ঐতিহ্যৰ ভূমি। ক্ৰীড়া, সশস্ত্ৰ বাহিনী, কলা-সংস্কৃতি, জনসেৱা আদি ক্ষেত্ৰত ৰাজ্যৰ জনসাধাৰণে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে বুলিও কয় ৰাষ্ট্ৰপতিগৰাকীয়ে।

মণিপুৰত নিৰাপত্তা নিশ্চিত কৰা, সম্প্ৰীতি শক্তিশালী কৰা, ৰাজ্যখনক স্থিতিশীলতা আৰু সমৃদ্ধিৰ দিশত আগুৱাই নিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলিও কয় ছানীয়ে। উন্নয়ন আৰু প্ৰগতিৰ সুফল যাতে মণিপুৰৰ চুক-কোণে বিয়পি পৰে তাৰ বাবে চৰকাৰৰ লক্ষ্য।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে মণিপুৰ দক্ষিণ-পূব এছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্কৰ দুৱাৰমুখ, আৰু ইয়াৰ যৌৱন, সংস্কৃতি, আৰু প্ৰাকৃতিক সৌন্দৰ্য্যই অপৰিসীম সম্ভাৱনা প্ৰদান কৰে। ৰাজ্যৰ স্বাৱলম্বী মহিলাসকলৰ কথা উল্লেখ কৰি তেওঁ নুপি লান (মহিলা আন্দোলন)ৰ ঐতিহাসিক অৱদানৰ ওপৰত আলোকপাত কৰে।

উপত্যকা আৰু পাহাৰীয়া দুয়োটা অঞ্চলৰ জনসাধাৰণে মণিপুৰক সমৃদ্ধিৰ নতুন উচ্চতালৈ লৈ গৈ নৱ উদ্যম আৰু সম্প্ৰীতিৰে আগবাঢ়ি যাব বুলি তেওঁ আস্থা প্ৰকাশ কৰে।

ৰাষ্ট্ৰপতিয়ে শান্তি, ঐক্য, আৰু উন্নয়নৰ প্ৰচেষ্টাক সম্পূৰ্ণৰূপে সমৰ্থন কৰিবলৈ জনসাধাৰণক আহ্বান জনায়। তেওঁ কয়, আমি একেলগে এনে এখন মণিপুৰ গঢ়ি তুলিব লাগিব য'ত প্ৰতিজন শিশুৱে নিৰাপত্তা অনুভৱ কৰিব, প্ৰতিগৰাকী মহিলাক শক্তিশালী কৰা হ'ব, প্ৰতিটো সম্প্ৰদায়ক অন্তৰ্ভুক্ত কৰা হ'ব, আৰু প্ৰতিজন নাগৰিকে এক উজ্জ্বল ভৱিষ্যতৰ দিশে আগবাঢ়িব।

ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি মুৰ্মুৱে ঐতিহাসিক মাপল কাংজেইবুঙত প’লো প্ৰদৰ্শনী খেল এখন প্ৰত্যক্ষ কৰে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande